ETV Bharat / state

প্ৰশাসনৰ অৱহেলা ! ৰাইজে নিজেই কৰিছে যাতায়তৰ ব্যৱস্থা - যাতায়ত ব্য়াহত

ভগ্ন পথৰ বাবে প্ৰায় 20 খন গাঁৱৰ ৰাইজৰ যাতায়ত ব্য়াহত হৈ আছিল ৷ ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি,গাঁঠিৰ ধন ভাঙি ৰাইজে প্ৰস্তত কৰিছে বাঁহৰ দলং-সাঁকো ৷ প্ৰসাশনে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

people made bamboo bridge at rangia
people made bamboo bridge at rangia
author img

By

Published : Jul 28, 2020, 4:18 PM IST

ৰঙিয়া, 28 জুলাইঃ ৰঙিয়াৰ ধেপাৰগাঁওত বিহাপাৰা-কাউৰবাহা সংযোগী পথৰ কেইবাটাও অংশ পুঠিমাৰী নৈৰ বানে উটুৱাই নিয়াৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে প্ৰায় ২০ খন গাঁৱৰ যাতায়ত ৷ স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ লগতে জিলা প্ৰশাসনকো বিষয়তো অৱগত কৰিও কোনো সুফল নাপালে বুলি জনাই স্থানীয় ৰাইজে ৷

ৰাইজে নিজেই কৰিছে যাতায়তৰ ব্যৱস্থা

সেয়ে বাক্সা জিলাৰ অন্তৰ্গত ৰঙিয়া সমষ্টিৰ ধেপাৰগাঁও অঞ্চলৰ মূল পথটো মেৰামতিৰ বাবে ওলাই আহিল অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি, গাঁঠিৰ ধন ভাঙি পথৰ ভগ্ন অংশত সাঁকো,দলং আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শিশু,যুৱক,বৃদ্ধ সকলোৱে ওলাই আহিছে যাতায়তৰ ন্যূনতম ব্যৱস্থা খিনি কৰি ল’বলৈ ৷

বানাক্ৰান্ত লোকসকলে বিটিচি পৰিষদৰ শাসনৰ দায়িত্বত থকা ৰাজ্যপাল,বাক্সা প্ৰশাসন তথা অসম চৰকাৰক শীঘ্ৰেই পথটোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ এ আই ইউ ডি এফ আৰু অগপ কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.