ETV Bharat / state

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ - ভুল চিকিৎসাৰ বলি

শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । এগৰাকী মহিলা ৰোগীৰ মৃত্যুকলৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।অৱশ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে সমগ্ৰ পৰিস্থিতি ।

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ
author img

By

Published : Aug 17, 2019, 12:13 PM IST

কামৰূপ, 17 আগষ্টঃ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে GNRC হাস্পতাল । ভুল চিকিৎসাৰ বলি হৈ উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত মহিলা ৰোগীৰ মৃত্যু । সাধাৰণ ককালৰ বিষৰ বাবে এমাহ পূৰ্বে GNRC মেডিকেলত চিকিৎসাধীন হৈ আছিল বন্দনা হালৈ নামৰ বঙাইগাঁৱৰ এগৰাকী মহিলা । বিগত এমাহ GNRC ৰ চিকিৎসক জোনাইড আহমেদৰ তত্বাৱধানত পৰীক্ষা নিৰীক্ষাৰ অন্তত যোৱা ১৫ আগষ্টত স্নায়ুজনিত অস্ত্ৰোপচাৰৰ বাবে GNRCত ভৰ্তি কৰোৱা হৈছিল বন্দনা হালৈক ।

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ

কিন্তু ৰহস্যজনকভাৱে ১৬ আগষ্টত অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ । অস্ত্ৰোপচাৰৰ সময়ত অত্যধিক ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জনায় মেডিকেল কতৃপক্ষই । ডাক্তৰ জোমাইড আহমেদৰ ভুল চিকিৎসাৰ বাবেই বন্দনা হালৈৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ আত্মীয়ৰ ।

Intro:*SLUG= NORTH GHY GNRC WRONG TREATMENT ONE DEAD*

SCRIPT= নিশা উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত উত্তপ্ত পৰিস্থিতি । এগৰাকী মহিলা ৰোগীৰ মৃত্যুকলৈ সৃষ্টি হয় এই পৰিস্থিতিৰ । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ উপস্থিতিত নিয়ন্ত্ৰনলৈ আহে পৰিস্থিতি । ৰাজ্যত কাঠফুলৰ দৰে গঢ়লৈ উঠিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় । অনিয়ন্ত্ৰিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় Body: । পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে GNRC মেডিকেল । ভূল চিকিৎসাৰ বলী হৈ মহিলা ৰোগীৰ মৃত্যু উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত । সাধাৰন ককালৰ বিষৰ বাবে যোৱা এমাহ পুৰ্বে GNRC মেডিকেলত চিকিৎস্যা সেৱা গ্ৰহন কৰিছিল বন্দনা হালৈ নামৰ বঙাইগাওঁৰ মহিলা গৰাকীয়ে । বিগত এমাহ GNRCৰ ডাক্টৰ জোনাইড আহমেদৰ তত্বাৱধানত পৰীক্ষা নিৰীক্ষাৰ অন্তত যোৱা ১৫ আগষ্টত নাৰ্ভৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে ভৰ্তী কৰোৱা হৈছিল বন্দনা হালৈক । ১৬ আগষ্টত নাৰ্ভৰ অস্ত্ৰোপ্ৰচাৰ কক্ষত মৃত্যু হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ । অস্ত্ৰোপ্ৰচাৰৰ সময়ত অতিপাত ব্লিডিংৰ বাবে মৃত্যু হোৱা বুলি জনায় মেডিকেল কতৃপক্ষই । এমাহধৰি GNRCৰ ডাক্টৰৰ তত্বাৱধানত থকা বন্দনা হালৈ অস্ত্ৰোপ্ৰচাৰ সম্পন্নৰ পিছতে মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । বন্দনা হালৈ ডাক্টৰ জোমাইড আহমেদৰ ভূল চিকিৎসাৰ ফলত মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ আত্মীয়ৰ । এগৰাকী সম্পূৰ্ণ সুস্থ ৰোগী অস্ত্ৰোপ্ৰচাৰৰ পিছতে এনেকৈ মৃত্যু হ'ল তাকলৈ হস্পিটাল কতৃপক্ষলৈ সন্দেহৰ আঙুলি পৰিয়ালৰ । অনভিজ্ঞ চিকিৎসকৰ ভূল চিকিৎসাৰ বাবেই মেডিকেলখনত মৃত্যু হৈ আহিছে এটাৰ পাছত আনটো ৰোগী । ইফালে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই মেডিকেল কতৃপক্ষই । মেডিকেল নহয় যেন মৃত্যুদূত পৰিনত হৈছে উত্তৰ গুৱাস্থিত GNRC মেডিকেল । Conclusion: এতিয়া প্ৰশ্ন হয় চিকিৎসাৰ নামত ধন ঘটা ডকাইতৰূপী চিকিৎসালয় সমূহক নাকী লগাব পাৰিবনে চৰকাৰ প্ৰশাসনে । ৰোগীৰ আত্মীয়ৰ এই তাৎপৰ্যপূৰ্ণ অভিযোগৰ পিছত কি ব্যৱস্থা গ্ৰহন কৰিব GNRC মেডিকেল কতৃপক্ষই সেয়া পৰৱৰ্তী সময়তহে লক্ষনীয় হ'ব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.