ETV Bharat / state

চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচৰা এটা অসহায় পৰিয়াল

author img

By

Published : Aug 23, 2020, 12:48 PM IST

ঘৰখনৰ একমাত্ৰ উপাৰ্জকাৰী গৰাকীৰ শয্যাশায়ী অৱস্থাই সম্প্ৰতি কোঙা কৰি পেলাইছে পলাশবাৰীৰ দখলাৰ বিপুল শৰ্মা নামৰ লোকগৰাকীৰ পৰিয়ালক ৷ সম্প্ৰতি অসহায় পৰিয়ালটোৱে বিচাৰিছে চৰকাৰৰ এধানি সহায়ৰ হাত ৷

এটা অসহায় পৰিয়াল
এটা অসহায় পৰিয়াল

কামৰূপ, 23 আগষ্ট: এটা হাঁহিৰে ওপচি থকা পৰিয়াললৈ হঠাতে নামি আহে অমানিশা ৷ 4 জনীয়া সদস্যৰে ভৰা এখন সুখৰ সংসাৰত দিন অতিবাহিত কৰিছিল পলাশবাৰীৰ দখলাৰ বিপুল শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে ৷ কিন্তু এক দুৰ্ঘটনাই যেন তেওঁলোকৰ সকলো সুখত এক বিৰাম লগায় ৷ 11 মাহ পূৰ্বে দুৰ্ঘটনাত পতিত হোৱা লোকগৰাকীয়ে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত 3 মাহে ICUত দিন পাৰ কৰাৰ পাচত, সম্প্ৰতি তেওঁ বিচনাকে সাৰথি কৰিবলগীয়া হৈছে ৷ ICUত থকাৰ সময়ত তেওঁ অলপ সুস্থ হৈ উঠে যদিও সম্পূৰ্ণভাৱে বিকল হৈ পৰিল তেওঁৰ শৰীৰৰ এটা ফাল ৷

চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচৰা এটা অসহায় পৰিয়াল

ঘৰখনৰ একমাত্ৰ উপাৰ্জকাৰী গৰাকীৰ শয্যাশায়ী অৱস্থাই সম্প্ৰতি কোঙা কৰি পেলাইছে পৰিয়ালটোক ৷ লোকগৰাকীক সুস্থ কৰি তোলাৰ স্বাৰ্থত তেওঁ পত্নী আৰু মাতৃয়ে নিজৰ অলংকাৰকে ধৰি ঘৰৰ প্ৰায় সকলোবোৰ সম্পত্তি বিক্ৰী কৰিলে যদিও, তেওঁক সুস্থ কৰি তোলাত এতিয়াও বিফল পৰিয়ালৰ লোক ৷ আনকি ঘৰৰ ভেটিও বন্ধকত থৈ লোকগৰাকীৰ চিকিৎসা কৰা স্বত্বেও তেওঁক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা নাই পৰিয়ালৰ লোকে ৷ নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি পৰিয়ালটো এতিয়া সন্মুখীন হৈছে আৰ্থিক সংকটৰ ৷ অসুস্থ লোকগৰাকীৰ ঔষধ কিনিবলৈও সম্প্ৰতি সামৰ্থ নাই পৰিয়ালটোৰ ৷ পাৰ্যমানে অসুস্থ লোকগৰাকীক সুস্থ কৰি তোলাৰ চেষ্টা কৰি ভাগৰি পৰা পৰিালটোৱে সম্প্ৰতি বিচাৰিছে চৰকাৰৰ অকণমান সহায়ৰ হাত ৷ সংবাদ মাধ্যমযোগে পৰিয়ালটোৱে চৰকাৰ কৰ্তৃপক্ষক অনুৰোধ জনালে তেওঁলোকক কিছু সহায়ৰ হাত আগবঢ়াবলৈ ৷ ইয়াৰোপৰি যদি কোনো হৃদয়বান লোকে তেওঁৱলোকক সহায় কৰিব বিচাৰে তেন্তে, ভাৰতীয় ষ্টেট বেংকৰ বিজয়নগৰ শাখাৰ একাউণ্ট নং: 33020516674, IFSC:- SBIN0014793ত আৰ্থিক সহায় আগবঢ়াব পাৰে ৷ অথবা 60015-27158 মোবাইল নম্বৰত ফোন কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে ৷

লগতে পঢ়ক: স্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা নলবাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.