ৰঙিয়া,28 জুলাই: মঙলবাৰে আকস্মিকভাৱে ৰঙিয়া ৰে’ল ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ষ্টেচনটোত আৱদ্ধ যাত্ৰীসকলে সৃষ্টি কৰে এই পৰিৱেশ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বেংগালুৰুৰ পৰা ৰাজ্যলৈ অহা এখন শ্ৰমিক এক্সপ্ৰেছ ৰে’লৰ প্ৰায় দুই শতাধিক যাত্ৰীয়ে ষ্টেচনটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ উত্থাপিত অভিযোগ অনুসৰি,ৰঙিয়াৰ পৰা ওদালগুৰি অভিমুখে যাবলগীয়া যাত্ৰীসকলে বাছ নাপায় এইদৰে ক্ষুব্ধ হৈ পৰে ৷ পুৱতি নিশা চাৰি বজাত ষ্টেচনটোত উপস্থিত হোৱা যাত্ৰীসকলক চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰশাসনে বাছৰ বন্দৱস্ত কৰি গৃহ জিলালৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ কিন্তু পৰিতাপৰ বিষয় ওদালগুৰিৰ দায়িত্বত থকা বিষয়াৰ হেমাহিৰ ফলত নিৰ্দিষ্ট সময়তকৈ প্ৰায় 4 ঘণ্টা পিছতো ষ্টেচনটোত বাছ উপস্থিত অতিষ্ঠ হৈ পৰে যাত্ৰীসকল ৷
আনহাতে,ভোকে-পিয়াহে জৰ্জৰিত যাত্ৰীসকলক দিনৰ ভাগত এপেকেট বিস্কুট যোগান ধৰিয়েই দায়িত্ব সামৰে প্ৰশাসনে ৷ ক্ষুব্ধ যাত্ৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ষ্টেচন চৌহদ ৷ লগতে ক্ষোভিত যাত্ৰীসকলে নিজে খাদ্যৰ ব্যৱস্থা কৰিবলৈ বাহিৰলৈ যাব ধৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ মুহুৰ্ততে ঘটনাস্থলীত আৰক্ষীৰ লগতে আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় ৷
লগতে চাওকঃ বাক্সাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ