ৰঙিয়া, 25 আগষ্ট : ৰঙিয়াৰ জামতোলাত আতংক ৷ ঘগা দলঙৰ তলত উদ্ধাৰ হোৱা এটা বস্তাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চেপা উত্তেজনাৰ ৷ বস্তাটোৰ পৰা দুৰ্গন্ধ বিয়পি পৰাত বস্তাটোৰ ভিতৰত মৃতদেহ থকা বুলি হৈ চৈ লাগে স্থানীয় ৰাইজৰ মাজত ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে মূহুৰ্ততে গোট খালে কেইবা শতাধিক লোক ৷
চৌদিশে সোপাধৰাৰ আতংক বিয়পি পৰাৰ সময়তে বস্তাটোক লৈ সন্দেহ প্ৰকাশ কৰে ৷ সোপাধৰাই শিশু অপহৰণ কৰি আনি হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়াৰ সন্দেহ কৰে একাংশই ৷ আন একাংশই বস্তাটোৰ ভিতৰত নাৰীৰ মৃতদেহ থকাৰ সন্দেহ কৰে ৷ ইয়াৰ মাজতে কোনো কোনোৱে ম’বাইল উলিয়াই ব্যস্ত হ'ল ফেচবুক লাইভত ৷
এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হ’ল ৰঙিয়া আৰক্ষী ৷ আতংকময় এটা ঘন্টা পাৰ হোৱাৰ পিছত আৰক্ষীয়ে পানীৰ পৰা বস্তাটো উঠাই আনিবলৈ অনুৰোধ কৰিলে ৰাইজক ৷ অৱশেষত এগৰাকী ব্যক্তিয়ে সাহ কৰি ঘগা দলঙৰ তললৈ নামি গৈ ক্ষীপ্ৰ গতিত বস্তাটো উদ্ধাৰ কৰি ভিতৰত কি আছে চাবলৈ চেষ্টা কৰিলে ৷ অৱশেষত ওলাই পৰিল আচল ৰহস্য ৷
প্ৰকৃততে বস্তাটোৰ ভিতৰত আছিল এটা কুকুৰৰ মৃতদেহ ৷ কুকুৰৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত উপস্থিত সকলোৱে স্বস্তিৰ নিশ্বাস এৰে ৷ পিছত ঘগা জানতে উটুৱাই দিয়া হ'ল কুকুৰৰ মৃতদেহ বান্ধি থোৱা বস্তাটো ৷
উল্লেখ্য যে, শেহতীয়াভাৱে ৰঙিয়াত দুষ্ট চক্ৰই সোপাধৰাৰ আতংকৰ খবৰ বিয়পাই দিছে ৷ যাৰ ফলত মানসিক ৰোগী বা অচিনাকি লোকক প্ৰত্যক্ষ কৰিলেই কেইবাবাৰো হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷ এই ঘটনাটোৰ পিছত ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে সোপাধৰাৰ উৰাবাতৰিৰ পৰা আঁতৰত থকাৰ লগতে সকলোকে সজাগ হোৱাৰ লগতে আইন হাতত তুলি নলবলৈ আহ্বান জনাইছে ৰাইজক ৷
লগতে পঢ়ক : Sand Syndicate: বন বিভাগক মেনেজ কৰিছে গোৱালপাৰাত চলিছে বালিৰ ছিণ্ডিকেট