ETV Bharat / state

সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত ৰাজ্য - ধাননি

সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ ৷ হাতে-হাতে কাঁচি লৈ ডাঙৰীৰ বাবে দাৱনীয়ে যুগুতাইছে ধান ৷ পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক ৷

ৰজ্যৰ চৌদিশে এতিয়া সোণগুটি ধাননিৰ সোণসেৰীয়া আভা

author img

By

Published : Dec 11, 2020, 2:31 PM IST

আজাৰা, 11 ডিচেম্বৰ: আঘোণ অবিহনে অসমৰ চহা জীৱনৰ ছবিখন কল্পনাতীত ৷ কিয়নো আঘোণতে বাৰিষাৰ প্ৰখৰ ৰ'দত কপালৰ ঘাম মাটিত পেলাই কৰা সোণগুটি ধাননি চপাই ভঁৰাল ভৰায় চহা কৃষকে ৷ যেনিয়ে চাই তেনিয়ে এতিয়া কেৱল সোণগুটি ধাননিৰ সোণসেৰীয়া আভা ৷ হাতে-হাতে কাঁচি লৈ ডাঙৰীৰ বাবে দাৱনীয়ে যুগুতাইছে ধান ৷ পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত ৰাজ্যৰ কৃষক ৷ বিৰিয়াত কঢ়িয়াই অনা ধানখিনিয়ে দি যায় চহা কৃষকৰ সপোনৰ আভাস ৷

সোণগুটি ধাননিৰ সোণসেৰীয়া আভাত উদ্ভাসিত ৰাজ্য

ব্যতিক্ৰম নহ'ল মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল বঙৰা ৷ পথাৰত ধান কটাত ব্যস্ত হৈ পৰিছে চহা কৃষক ৷ যদিও আধুনিকতাৰ ধামখুমীয়াত বৰ্তমানৰ খেতিপথাৰসমূহ সোমাই পৰিছে, তৎসত্বেও আধুনিকতাই ম্লান কৰিব পৰা নাই আঘোণৰ পথাৰত নিহিত কৃষকৰ কেঁচা ঘামৰ গোন্ধ ৷ সেয়ে নিজ পথাৰৰ খেতিডৰা এতিয়া নিজেই চপোৱা দেখিবলৈ পোৱা গৈছে বঙৰাৰ খেতিয়কসকলক ৷

পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত কৃষক
পথাৰৰ সোণগুটি লখিমী চপোৱাত ব্যস্ত কৃষক

উল্লেখ্য যে, বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নিচেই কাষতে অৱস্থিত অঞ্চলটোৰ কৃষকসকল এইবাৰ পূৰ্বতকৈ অধিক লাভান্বিত হোৱা বুলি জানিবলৈ দিয়ে ৷ বিগত সময়সমূহত বিমানৰ চলাচলকে ধৰি, আশে-পাশে গঢ়ি উঠা উদ্যোগৰ দৌৰাত্ম্যই বাৰুকৈয়ে ক্ষতি কৰিছিল খেতিৰ ফচল ৷ কিন্তু লক ডাউনৰ বাবে বহুদিনলৈ সেইসমূহ বন্ধ হৈ থকাৰ বাবে পুনৰ যেন প্ৰাণ ঘূৰি আহিছে প্ৰকৃতিলৈ ৷

লগতে পঢ়ক: চৰকাৰৰ সঁহাৰি নাপাই অসন্তুষ্ট শ্বহীদ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.