ৰঙিয়া, 25 জুলাই : শনিবাৰে ডিমাপুৰৰ পৰা সন্ধানহীন হোৱা এটি শিশু ৰঙিয়াত উদ্ধাৰ হয় । ৰে'লেৱে আৰক্ষীয়ে ৰঙিয়া জংচনত উদ্ধাৰ কৰিলে শিশুটো । ৮ বছৰীয়া শিশুটোৰ ঘৰ ডিমাপুৰৰ পেজেণ্ট আও ৰোডত বুলি জানিব পৰা গৈছে । উদ্ধাৰ হোৱাৰ এদিন পূৰ্বে সন্ধানহীন হৈছিল শিশুটো । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত পশ্চিম ডিমাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।
শনিবাৰে ৰঙিয়া জংচনত শিশুটোক টহলদাৰী ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰে'লৱে আৰক্ষীয়ে উক্ত ঘটনাটোৰ সন্দৰ্ভত তদন্ত কৰে আৰু শিশুটো ডিমাপুৰৰ পৰা ৰে'লযোগে অহা বুলি নিশ্চিত হয় । লগে লগে পশ্চিম ডিমাপুৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰি নিশ্চিত হোৱাৰ পিছত শিশুটোক চাইল্ড লাইনৰ হাতত গতাই দিয়ে ৰে'লৱে আৰক্ষীয়ে ।
শিশুটো ডিমাপুৰৰ পৰা অবধ অসম এক্সপ্ৰেছযোগে অহা বুলি সদৰি কৰে । অৱশ্যে ডিমাপুৰৰ পৰা শিশুটো কেনেদৰে ,কি পৰিস্থিতিত ৰঙিয়ালৈ আহিল সেই সন্দৰ্ভত ৰে'ল সুৰক্ষা বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে । তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷