বকো,10জুনঃ বকোৰ সোণতলীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু ৷ নিজ ঘৰতে বিদ্যুতৰ তাঁৰ মেৰামতি কৰিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হয় লোকজন ৷ পৰিয়ালৰ তথা চুবুৰীয়াৰ তৎপৰতাৰে উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি লোকজনক মৃত বুলি ঘোষণা কৰে ৷
মৃত লোকজন সোণতলীৰ দক্ষিণ ৰাংগাপানী গাঁৱৰ বাদশা আলী ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত লোকজনক প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা তিনি সন্তানৰ পিতৃৰ মৃত্যুত এতিয়া শোঁকত ভাগি পৰিছে পৰিয়ালৰ লোক ৷
লগতে পঢ়কঃ এয়াৰ ইণ্ডিয়াই গঠন কৰিলে বিশেষ COVID-19 কমিটি