বাইহাটা চাৰিআলি, ১২ মে': বাইহাটা চাৰিআলিৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ । শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা কমলপুৰ থানাৰ অন্তৰ্গত গুইয়া গাঁৱৰ ধৃতিষ্মান কাশ্যপে টিউচনলৈ গৈ নিৰুদ্দেশ হৈ পৰে ।
কিন্তু পাঁচ দিন ধৰি শুংসূত্ৰ নোপোৱাত এতিয়া শোকত ভাগি পৰছে পিতৃ-মাতৃ । আত্মীয়ৰ ঘৰ তথা বিভিন্ন স্থানত খবৰ কৰিও সন্ধান নোপোৱাত অৱশেষত কমলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই । কমলপুৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অনুসন্ধান চলাইছে যদিও বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা ধৃতিষ্মানক । ধৃতিষ্মান কোনো মানৱ সৰবৰাহ কাৰীৰ কবলত পৰাৰ সন্দেহ পিতৃৰ ।