ETV Bharat / state

ছয়গাঁৱত পুনৰ ড্ৰাগছসহ এজনক আটক - নিজৰ ঘৰৰ পৰাই অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল

কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বেহা । বিশেষকৈ ছয়গাঁও অঞ্চলত বৃদ্ধি পোৱা এনে কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা দেখা গৈছে । পুনৰ আৰক্ষীৰ অভিযানত উক্ত অঞ্চলৰ পৰা জব্দ হৈছে নিষিদ্ধ ড্ৰাগছ ।

drugs peddler arrest
ছয়গাঁৱত পুনৰ ড্ৰাগছসহ এজনক আটক
author img

By

Published : Aug 22, 2021, 11:46 AM IST

ছয়গাঁও, ২২ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযান । যোৱা কেইবামাহ ধৰি আৰক্ষীৰ অভিযানত অসমৰ ভিন্ন প্ৰান্তত জব্দ হৈছে যথেষ্ট পৰিমাণৰ ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় সামগ্ৰী । লগতে আৰক্ষীয়ে আটক কৰিছে বহুতো সৰবৰাহকাৰী আৰু ইয়াৰ লগত জড়িত লোকসকলক ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশমৰ্মে সকলোতে কঠোৰ হৈছে আৰক্ষী । পিছে আৰক্ষীৰ অভিযানৰ মাজতো একাংশ দুষ্টচক্ৰই নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই গৈছে । তাৰ মাজতে ঠায়ে ঠায়ে আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে সেই নিচাজাতীয় সামগ্ৰী ।

শেহতীয়াকৈ কামৰূপ আৰক্ষীও এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে সষ্টম হোৱা দেখা গৈছে । বিগত কেইবাটাও দিনত কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । শনিবাৰে নিশা পুনৰ ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক অভিযানত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা এই অভিযানত গৰৈমাৰী এলেকাৰ মহাবীৰ পথাৰৰ পৰা ড্ৰাগছসহ লোকজনক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন লোকজনৰ নাম জামালউদ্দিন বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে উক্ত লোকজনে দীৰ্ঘদিন ধৰি নিজৰ ঘৰৰ পৰাই অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ৷

নিশা ছয়গাঁও আৰক্ষীৰ দলটোৱে জোৰশিমলু আৰক্ষীৰ সহযোগত সাধাৰণ পোছাকত অভিযান চলাই জামালউদ্দিনক নিজ ঘৰৰ পৰাই আটক কৰে ৷ জামালউদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৬টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ লগতে এটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত গাওঁৰক্ষী বাহিনীৰ উপ সভাপতিসহ পাঁচ চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.