নগৰবেৰা, 19 নৱেম্বৰ : এশ গৰু মাৰিলে বাঘৰো মৰণ, কেইবাখনো বিয়া পাতি বৃদ্ধ পৰিল জালত । ডাকৰ বচন শুনাতো ভাল, নহলে মহা জঞ্জাল । এজন ব্যক্তি আৰু তেঁওৰ বয়স সত্তৰোৰ্দ্ধৰ । বিশেষ গুণৰ অধিকাৰী বৃদ্ধই ফুচুলাই মেলি পাতিলে কেইবাখনো বিয়া ।
পিছে মন বান্ধিব নোৱাৰি বৃদ্ধই আকৌ বিয়াত বহাৰ মনমেলি পৰিল জালত । যিটো সময়ত বিয়া পাতিবলৈ বহু যুৱকে হাঁহাকাৰ কৰি ফুৰিছে সেইসময়ত এজন ককাই পাতিলে তিনিখনকৈ বিয়া । ককাৰ নাম হাজী হাসেম আলী । ঘৰ নগৰবেৰাৰ খামেৰী পলাহৰটাৰীত । এখন দুখন নহয় তিনিখকৈ বিয়া পাতিলে ককাই (Nagarbera Old Man Marriage)। টকা পইচাৰ লোভ দেখুৱাই যুৱতীক ফুচুলাই বিয়া পাতি কিছুদিন ৰাখি আকৌ এৰি দিয়ে । ঘৰ পৰিয়াল প্ৰথমা পত্নী কিম্বা সন্তানৰ কথাও নামানে বৃদ্ধজনে ।
এইবাৰ আহো মূল ঘটনালৈ । ককা পৰিল আকৌ প্ৰেমত । বিয়া পাতিবলৈ আহি ককাৰ নগুৰ-নাকতি । শেহতীয়াকৈ এই লম্পট চৰিত্ৰৰ বৃদ্ধ জনে নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এগৰাকী যুৱতীক বিভিন্ন প্ৰলোভন দি সৈমান কৰাইছিল বিয়াৰ বাবে । খবৰটো পালে গাঁওখনৰ একাংশ সচেতন যুৱকে । লগে লগে পাং পাতিলে বৃদ্ধক এইবাৰ এসেকা দিব লাগে বুলি । বিয়াৰ বাবে গাওঁখনৰে এগৰাকী যুৱকক সঁজালে কইনা । দৰা সাজি আহিল বৃদ্ধ । ধৰ্মীয় ৰীতি নীতিৰে পাতি দিলে বিয়া (Nagarbera old man love story)।
আৰু তাৰ পাছৰ দৃশ্য মনকৰিবলগীয়া । বিয়া পাতি ন-কইনাক নিশাৰ অন্ধকাৰত একা বেঁকা পথেৰে লৈ যোৱাৰ সময়তে পুখুৰী এটাত পৰি এই অৱস্থা হয় বৃদ্ধলোকজনৰ । পানীত তিতি ঠাণ্ডাত ঠেঁটুৱা লাগে বৃদ্ধজনে । পিছে বৃদ্ধৰ অভিযোগ কইনা আৰু একাংশই বোলে পুখুৰীৰ পানীত ডুবাই ডুবাই অৱস্থা নাইকিয়া কৰিলে বৃদ্ধৰ । কিছু লপা-থপাও দিলে কইনা আৰু একাংশই (Old man beaten by public at Nagarbera)। পাছত নগৰবেৰা আৰক্ষীক খবৰ দি গতাই দিয়ে লম্পট বৃদ্ধটোক । এই ঘটনাই বৃদ্ধক এসেকা দিব বুলি ধাৰনা কৰিছে ৰাইজে । সম্প্ৰতি লম্পট হাসেম আলী নগৰবেৰা আৰক্ষীৰহে জোৱাই ।
লগতে পঢ়ক : Raha Love story: মৃত প্ৰেমিকা প্ৰাৰ্থনাৰ শিৰত সেন্দুৰ বুলালে বিতোপনে