বাইহাটা, 4 জুলাই : লক ডাউনৰ সময়ত বিভিন্নজনৰ নিজ নিজ প্ৰতিভাৰ বিকাশ হোৱা পৰিলক্ষিত হৈছে । শিল্পীৰ কণ্ঠ নিগৰি সৃষ্টি হৈছে নতুন গীতৰ, ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ন ন ভাস্কৰ্য ।
বাইহাটাৰ এগৰাকী 80ৰ উৰ্ধৰ শিপিনী আইতাৰ হাতৰ পৰশত তাঁতৰ পাতত সৃষ্টি হৈছে শ্ৰীমদ্ভাগৱতৰ শ্লোক । লক ডাউনৰ সময়ছোৱাতে মাইকন ডেকা নামৰ আইতাগৰাকীয়ে গামোচাত লিখি উলিয়াইছে মংগল চৰণ শ্লোক । ইয়াৰ পূৰ্বেও আইতাগৰাকীয়ে প্ৰায় ৭০ ফুট দৈৰ্ঘৰ গুণমালা বৈ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে ।
ইয়াৰোপৰি, আইতাগৰাকীয়ে লিখি উলিয়াইছে ‘মা দূৰ্গা’ আৰু নাম ‘পুস্পাঞ্জলি’ নামৰ দুখনকৈ পুথি । অৱশ্যে, আৰ্থিক দুৰাৱস্থাৰ বাবে আজিও আইতাগৰাকীয়ে ‘পুস্পাঞ্জলি’ নামৰ পুথিখন পাঠকৰ হাতত অৰ্পন কৰিব পৰা নাই । তেওঁৰ এই কৰ্ম ভবিষ্যৎ প্ৰজন্মৰ বাবে এক প্ৰেৰণা হৈ ৰোৱাৰ আশা ব্যক্ত কৰিছে আইতাগৰাকীৰ আত্মীয়ই ।
লগতে পঢ়ক : বৰপেটাৰ তিনিটা চৰকাৰী কাৰ্যালয়ত কৰ'ণা, নিষিদ্ধ এলেকা ঘোষণা