ETV Bharat / state

সামৰণি পৰিল ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱৰ - CHAMARIA SATRA MAHOTSAV

চাৰিদিনীয়া কাৰ্যসূচীৰে বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত অনুষ্ঠিত হোৱা সত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে ৷ এই মহোৎসৱত অংশগ্ৰহণ কৰে অগণন ভক্তই ৷

সামৰণি পৰিল ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱৰ

author img

By

Published : Mar 17, 2021, 11:17 AM IST

বকো, 17 মাৰ্চ: সামৰণি পৰিল দক্ষিণ কুলীয়া শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ থান হিচাপে পৰিচিত নৱ বৈষ্ণৱ ধৰ্মৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱৰ । প্ৰতি বছৰে ফাগুন মাহৰ শুক্লা দ্বিতীয়াত ছমৰীয়া সত্ৰত পালন কৰা হয় সত্ৰ মহোৎসৱ তথা ছমৰীয়া সভা । সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ তিৰোভাৱ তিথিত মহাধুম-ধামেৰে উদযাপিত হয় এই মহোৎসৱখন । এইবেলি ১৩ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ পালন কৰা হৈছে এই মহোৎসৱখনীৰ ।

সামৰণি পৰিল ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱৰ

মহোৎসৱৰ অন্তিম দিনা সত্ৰবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৰাম বিজয় ভাওনাক বাটৰ নাট হিচাপে প্ৰদৰ্শন কৰে । ৰাম-সীতাৰ বিবাহ হিচাপে অভিহিত বাটৰ নাট চাবলৈ সত্ৰত ভিৰ কৰে অগনন ভক্তপ্ৰাণ ৰাইজে ।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মহোৎসৱ তথা ছমৰীয়া সভাত বহিঃৰাজ্যৰ পৰাও বহু ভকতৰ সমাগম ঘটে। জাতীয় জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ, আধ্যাত্মিকতাৰ সমলৰে পৰিপূৰ্ণ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মহোৎসৱত অগণন ভকতৰ হৰিনাম ধ্বনিত মহামিলনৰ পূৰ্ণ ভূমিলৈ পৰিণত হয় ছমৰীয়া সত্ৰ গাঁওখনি ।

অন্য এক খবৰৰ বাবে: ভোজপুৰী গীত গাই ডিব্ৰুগড়ত প্ৰচাৰ চলালে সাংসদ মনোজ তিৱাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.