বাইহাটা,১ ফেব্ৰুৱাৰী: বাঘে ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে উত্তৰ গুৱাহাটীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱত মঙলবাৰে পুৱতি নিশা এটা অসুস্থ নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে এজন লোকে । ধৰণী ঠাকুৰীয়া নামৰ লোকজনৰ ঘৰৰ সন্মুখতে নাহৰফুটুকীটোৱে বিচৰণ কৰি আছিল। আতংকিত হোৱাৰ পৰিৰ্ৱতে ধৰণী ঠাকুৰীয়াই অসুস্থ নাহৰফুটুকীটো নিজৰ ঘৰলৈ লৈ আনে ।
ঘৰৰ চোতালতে নাহৰফুটুকীটোক গাখীৰ-বিস্কুট খুৱালে লোকজনে। কেৱল এয়াই নহয়,গৃহস্থই ঘৰৰ প্ৰতিটো কোঠা আৰু নামঘৰো দেখুৱালে বাঘটোক । বাঘৰ সৈতে ছেলফিও ল'লে গৃহস্থই । পিছত নাহৰফুটুকীটো স্থানীয় চিলা বন সংমণ্ডলক গতাই দিয়ে । বাঘটো মাইকী নাহৰফুটুকী বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে ।
লগতে পঢ়ক:শোণিতপুৰলৈ দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ শ্ৰেষ্ঠ বঁটা