ETV Bharat / state

আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত চুৰিকাণ্ড

বাৰে বাৰে চোৰ-ডকাইতৰ কোপ দৃষ্টি পৰে আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত । শুক্ৰবাৰে নিশা বৌদ্ধ বিহাৰৰ পৰা চোৰে লুটি নিলে ৰজাঘৰীয়া বহু মূল্যৱান সামগ্ৰী । চোৰে লৈ গ'ল পানীৰ মটৰ, বিকল চি চি টিভি কেমেৰাও ।

আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত চুৰিকাণ্ড
আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত চুৰিকাণ্ড
author img

By

Published : Feb 13, 2021, 3:19 PM IST

বাইহাটা, ১৩ ফেব্ৰুবাৰী: আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত শুক্ৰবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ভূটানৰ ৰাজ পৰিয়ালৰ দ্বাৰা পৰিচালিত বৌদ্ধ বিহাৰত কোনো নথকাৰ সুযোগতে চোৰে লুট-পাত চলায় । চোৰে লুটি নিলে কাঁহী-বাতিৰ লগতে ৰজাঘৰীয়া মূল্যৱান সামগ্ৰী । চোৰৰ কোপ দৃষ্টিৰ পৰা সাৰি নগ'ল, পানীৰ মটৰ বিকল চি চি টিভি কেমেৰাও । চুৰিকাণ্ডৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে চোৰ বিচাৰি চলাথ কৰে যদিও গভাইত চোৰে মূল্যৱান সামগ্ৰীৰ লৈ উধাও হয় ।

আনহাতে পলায়ন কৰাৰ সময়ত চিলিণ্ডাৰ, কাঁহী-বাতিৰ টোপোলা পেলাই থৈ যায় চোৰে । উল্লেখ্য যে, লকডাউনৰ সময়ৰ পৰাই বৌদ্ধ মন্দিৰত নাছিল পুৰুহিতসহ সকলো লোক । লগতে চি চি টিভি কেমেৰাও বিকল হৈ আছিল । এই সুযোগতে চোৰে লুট-পাত চলায় । আনহাতে, ভূটানৰ ৰাজ পৰিয়ালৰ সম্পত্তিৰ লালসাত কিছু বছৰ পূৰ্বে মন্দিৰ চৌহদতে নৃশংসভাৱে হত্যা কৰা হৈছিল ৰাজ পুৰুহিত চি এছ লামাক ।

লামাৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য পোহৰলৈ নাহিল । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই জয়গুৰৰ পাহাৰত বৌদ্ধ বিহাৰৰ বাবে ভূমি আবণ্টন দি সৰ্বতো প্ৰকাৰে সহযোগ কৰিছিল । বৌদ্ধ বিহাৰ নিৰ্মাণৰ পিছৰে পৰা অঞ্চলটোত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছিল । স্থানীয় ৰাইজৰ জনোৱা মতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু প্ৰভাৱশালী লোকৰ পদাৰ্পন হোৱা বৌদ্ধ মন্দিৰত এতিয়া নিমাওমাও পৰিৱেশ ।

নিশা বৌদ্ধ বিহাৰত থকা আৰক্ষীৰ পহৰাৰ ব্যৱস্থাও আঁতৰ কৰা হৈছিল । যাৰ বাবে আমিনগাঁওস্থিত বৌদ্ধ বিহাৰ এতিয়া অপৰাধীৰ টাৰ্গেট হৈ পৰিছে । বৌদ্ধ বিহাৰ ৰক্ষণাবেক্ষণত অসম চৰকাৰে কিয় গাফিলতি কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বৌদ্ধ ভীক্ষু লামা তথা স্থানীয় ৰাইজে ।

লগতে পঢ়ক:নতুন ভৱনত বিধানসভা অধিৱেশনৰ অন্তিম দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.