ETV Bharat / state

সুলভ মূল্যৰ চাউলৰ বাবে প্ৰতিবাদ হিতাধিকাৰীৰৰ

সুলভ মূল্যৰ কাৰ্ড জালিয়াতিৰে দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা ব্যৱস্থাপনাৰ চাউল আত্মস্যাৎ কৰাৰ অভিযোগ ৰমজান আলীৰ বিৰুদ্ধে । হিতাধিকাৰীৰ চাউল আত্মস্যাৎ কৰি চৰা দামত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে ৰমজান আলীৰ বিৰুদ্ধে ।

public protest at Amingaon
public protest at Amingaon
author img

By

Published : Aug 23, 2020, 1:03 AM IST

বাইহাটা চাৰিআললি,22 আগষ্ট : আমিনগাঁৱত চৰকাৰী সুলভ মূল্যৰ কাৰ্ডৰ হিতাধিকাৰীৰ প্ৰতিবাদ । হাজোৰ বামুন্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত টাঙানমাৰী গাঁৱত সুলভ মূল্যৰ চাউলৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । ৰমজান আলী নামৰ সুলভ মূল্যৰ এজেন্ট গৰাকীৰ বিৰুদ্ধে সুলভ মূল্যৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে ।

সুলভ মূল্যৰ কাৰ্ড জালিয়াতিৰে দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা ব্যৱস্থাপনাৰ চাউল আত্মস্যাৎ কৰাৰ অভিযোগ ৰমজান আলীৰ বিৰুদ্ধে । হিতাধিকাৰীৰ চাউল আত্মস্যাৎ কৰি চৰা দামত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে ৰমজান আলীৰ বিৰুদ্ধে । ইফালে সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰি ৰঙাঘৰৰো আলহী হৈছিল ৰমজান আলী নামৰ অসাধু সুলভ মূল্যৰ এজেন্ট গৰাকী ।

সুলভ মূল্যৰ চাউলৰ বাবে প্ৰতিবাদ হিতাধিকাৰীৰৰ

ঘটনা সন্দৰ্ভত কামৰূপ জিলা খাদ্য সুৰক্ষা আৰু অসামৰিক যোগান বিভাগক বাৰাম্বাৰ অভিযোগ দাখিল কৰিও সুফল পোৱা নাই গাঁওবাসীয়ে । অভিযোগ দিবলৈ গ'লেই ধমক মাৰি কাৰ্যালয়ৰ পৰা উভতাই দিয়াৰ অভিযোগ যোগান বিভাগৰ বিষয়াৰ বিৰুদ্ধে । উপায়হীন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ এজেন্ট ৰমজান আলীক উচিত শাস্তি প্ৰদানৰ দাবী গাঁওবাসীৰ ।

লগতে পঢ়ক : লক্ ডাউনত কৰ্মহীন লৈ আত্মহত্যাৰ পথ বাছি ল'লে পতি-পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.