ETV Bharat / state

অন্তিম দিনা কোন-কোন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ? - আমিনগাঁও

অন্তিম পৰ্যায়ৰ মনোনয়ন দাখিলৰ দিনা ৰাজ্যত বহু কেইগৰাকী প্ৰাৰ্থীয়ে আজি দাখিল কৰে মনোনয়ন পত্ৰ ৷ ৰেকিবুদ্দিন আহমেদৰ পৰা আৰম্ভ কৰি সুমন হৰিপ্ৰিয়া, বকোৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসেও দাখিল কৰে মনোনয়ন পত্ৰ ৷

অন্তিম দিনা মনোনয়ন দাখিল বহু প্ৰাৰ্থীৰ
অন্তিম দিনা মনোনয়ন দাখিল বহু প্ৰাৰ্থীৰ
author img

By

Published : Mar 19, 2021, 8:51 PM IST

কামৰূপ,19মাৰ্চ: কমলা কলিতা পলাইছিল, মইহে ধৰি ৰাখিছো ৷ কাৰণ বিনা প্ৰতিদন্দিতাই জয়ী হ'বলৈ মোৰ মন নাই । শুকুৰবাৰে ছয়গাঁও সমষ্টিৰ অগপ প্ৰাৰ্থী কমলা কলিতাক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে ৰেকিবুদ্দিন আহমেদে ।

উল্লেখ্য যে, আজি অন্তিম পৰ্যায়ৰ মনোনয়ন দাখিলৰ দিনত আমিনগাঁৱতো উৎসৱমুখৰ এক পৰিবেশৰ সৃষ্টি হয় । আজি আমিনগাঁৱত সদলবলে মনোনয়ন দাখিল কৰে ৰেকিবুদ্দিন আহমেদে । কংগ্ৰেছ-বিজেপি উভয় দলে নিজ-নিজ সমষ্টিৰ পৰা সাংস্কৃতিক পৰিৱেশেৰে আদৰি অনা হয় প্ৰিয় নেতাসকলক । মনোনয়ন দাখিল কৰি ৰেকিবুদ্দিন আহমেদে কয় যে, ''কংগ্ৰেছে ৭০ খন আসন পাব, এতিয়াৰে পৰা কংগ্ৰেছৰ আসন নকমে ।"

ইফালে, আজি মনোনয়ন দাখিল কৰে সুমন হৰিপ্ৰিয়াই ৷ হাজোৰ পৰা বৃহৎ সমদলেৰে সুমন হৰিপ্ৰিয়াই মনোনয়ন দাখিল কৰে জিলা ৰিৰ্টানিং বিষয়াৰ হাতত । সুমন হৰিপ্ৰিয়াক সংগ দিয়ে সাংসদ ভুবনেশ্বৰ কলিতা, গুৱাহাটী সাংসদ কুইন ওজা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়াই । দুলু আহমেদৰ মন্তব্যক প্ৰত্যাহ্বান জনাই সুমন হৰিপ্ৰিয়াই আমি আয়ুৰ্বেদ বিশ্বাস কৰো বুলি মন্তব্য কৰে । ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়ে জ্ঞান নথকা মানুহেহে তেনেকুৱা কথা কয় বুলি দুলু আহমেদক কটাক্ষ কৰে সুমন হৰিপ্ৰিয়াই ৷

ইয়াৰ সমান্তৰালকৈ বকোৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসেও সদল বলে উপস্থিত হল কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত । পুষ্প সজ্জিত বাহনত আদৰি অনা হয় কংগ্ৰেছ নেত্ৰী গৰাকীক । হাজোৰ কংগ্ৰেছ প্ৰাৰ্থী আনোৱাৰ হুছেইনেও মনোনয়ন দাখিল কৰে । ইয়াৰ লগতে, পলাশবাৰী সমষ্টিৰ এজেপি প্ৰাৰ্থী অভিজীৎ হাজৰিকা, পলাশবাৰী ৰাইজৰ দলৰ অনিল বড়োৱে দাখিল কৰে মনোনয়ন । এজেপি প্ৰাৰ্থী অভিজীৎ হাজৰিকাই প্ৰবল আত্ম প্ৰত্যয়ৰে নিৰ্বাচনত জয়ী হোৱাই নহয়, চৰকাৰ গঠনৰো হুংকাৰ দিয়ে ৷

অন্য এক খবৰৰ বাবে: মাইক্ৰ ফাইনেঞ্চৰ লোণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.