ৰঙিয়া,17 এপ্ৰিলঃ লক্ ডাউনৰ বাবে সম্প্ৰতি তীব্ৰ খাদ্য সংকটত ভুগিছে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰৰ লগতে ব্যক্তিগতভাৱেও খাদ্য বস্তু যোগানৰ ব্যৱস্থা কৰা হৈছে যদিও কিছু সংখ্যক লোক এতিয়াও চৰকাৰী তথা ব্যক্তিগত সাহাৰ্যৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ ফলত এতিয়া লঘোনে,ভোকে দিন পাৰ কৰিবলগীয়া হৈছে পৰিয়ালসমূহে ৷
এনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে ৰঙিয়াৰ জয়ন্তীপুৰৰ গাঁৱৰ নোনাপাৰত ৷ অঞ্চলটোৰ বসবাস কৰা অধিক সংখ্যক লোকেই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে চুবুৰীটোত বসবাস কৰা প্ৰায় 170 টা পৰিয়ালেই তীব্ৰ খাদ্য সংকটত দিন পাৰ কৰিবলগীয়া হৈছে ৷ আনহতে, এই লোসকলক চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত হৈ আছে ৷
লগতে পঢ়ক-বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা