ETV Bharat / state

ৰঙিয়াত প্ৰতিষেধকৰ নাটনি: হাহাকাৰ স্থানীয় লোকৰ

author img

By

Published : Jun 28, 2021, 2:21 PM IST

Updated : Jun 28, 2021, 3:31 PM IST

সততে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক যোগান ধৰাৰ কথা কৈ থাকিলেও বাস্তৱ ক্ষেত্ৰত সেয়া হৈ উঠা নাই ৷ তাৰ প্ৰকৃত তথা জলন্ত উদাহৰণ ৰঙিয়াৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ । বিগত দুটা দিনে ৰঙিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰত নাই প্ৰতিষেধক ৷ যাৰ ফলত ৰাতিপুৱাৰ পৰাই শাৰী পাতি ৰৈ ৰৈ উভতি যাবলগীয়া হৈছে শ শ লোক ৷

no vaccine at rangia vaccination center
ৰঙিয়াত প্ৰতিষেধকৰ নাটনি

ৰঙিয়া,28 জুন : ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধক সকলোৰে বাবে বাধ্যতামূলক কৰাৰ পাচতে ৰঙিয়াবাসীৰ মাজত লাগিছে হাহাকাৰ ৷ কিয়নো বিগত দুটা দিনে ৰঙিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰত নাই প্ৰতিষেধক ৷ শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক'ভিড প্ৰতিষেধক যোগান নধৰাৰ ফলত বহুতে ভয় শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷

ৰঙিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত 12 টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ প্ৰায়বোৰতে নাই প্ৰতিষেধক ৷ যাৰ ফলত ৰাতিপুৱাৰ পৰাই শাৰী পাতি ৰৈ ৰৈ উভতি যাবলগীয়া হৈছে শ শ লোক ৷ সততে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমানৰ প্ৰতিষেধক যোগান ধৰাৰ কথা কৈ থাকিলেও বাস্তৱ ক্ষেত্ৰত সেয়া হৈ উঠা নাই ৷ তাৰ প্ৰকৃত তথা জলন্ত উদাহৰণ ৰঙিয়াৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ ।

ৰঙিয়াত প্ৰতিষেধকৰ নাটনি

বিগত দুটা দিনে দূৰ-দূৰণিৰ পৰা প্ৰতিষেধক ল'বলৈ আহি শ শ লোকে উভতি যাবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৷ স্বাস্থ্য বিভাগৰ এনে গুৰুত্বহীনতা তথা দায়িত্বহীন কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰঙিয়া অঞ্চলত ৷

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ৰঙিয়াত ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৰঙিয়াত ক'ভিড-19 আক্ৰান্ত হৈ 33 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে 1,500 গৰাকীতকৈও অধিক লোক। ভয়-শংকাৰ মাজেৰে দিন পাৰ কৰা ৰঙিয়াবাসীৰ আহ্বান, ক'ভিড-19 নিয়ন্ত্ৰণৰ বাবে ৰঙিয়াত পৰ্যাপ্ত প্ৰতিষেধক যোগান ধৰক ৷

আনহাতে, বিগত সপ্তাহত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই যিসকল চৰকাৰী চাকৰিয়াল হোৱাৰ লগতে প্ৰথম শাৰীৰ ক'ভিড যোদ্ধা হিচাপে কাম কৰি আহিছে তেওঁলোকৰ দৰমহা মোকলাই দিয়াৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশনা জাৰি কৰিছিল ৷ সেই অনুসৰি, প্ৰতিটো বিভাগৰ কৰ্তৃত্বশীল বিষয়াক এইসকল বিষয়া-কৰ্মচাৰীৰ চলিত মাহৰ দৰমহা মোকলাই দিয়াৰ পূৰ্বে তেওঁলোকে ক'ভিডৰ দুয়োপালি প্ৰতিষেধক লৈছে নে নাই সেই কথা নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল ।

কিন্তু ৰঙিয়াৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰতিষেধকৰ যোগান নধৰাত সকলো নীতি-নিয়ম ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

লগতে পঢ়ক: মৰিগাঁও জিলাক কন্টেইনমেন্ট জ'ন ঘোষণা

Last Updated : Jun 28, 2021, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.