ETV Bharat / state

এইসকল লোকক দেখিলে অনুভৱ হয় কোভিড-19 বুলি কোনো মহামাৰী নাই !

author img

By

Published : Jun 10, 2020, 4:13 PM IST

দেশত কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰঙিয়াত দেখা গ'ল এখন ভয়ংকৰ ছবি ৷ চিকিৎসালয়ৰ ভিতৰত নাই সামাজিক দুৰত্বৰ কোনো নীতি-নিয়ম ৷ মুখত মাস্ক নিপিন্ধাকৈ একাংশই চিকিৎসালয়লৈ আহিছে আৰু এই দৃশ্য দেখা গৈছে ৰঙিয়াৰ চেপ্টিৰ চিএছপি কেন্দ্ৰ আৰু বনগাঁৱস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ৷

ধোৱাচাঙত সামাজিক দুৰত্ব
ধোৱাচাঙত সামাজিক দুৰত্ব

ৰঙিয়া, 10 জুন : চিকিৎসালয়ত যোৱা মানুহে নামানে কৰ'ণা সংক্ৰমণৰ নীতি নিয়ম ৷ ৰঙিয়াত ধোৱাচাঙত উঠিল সামাজিক দুৰত্ব ।

ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বিপদজনকভাৱে বাঢ়ি থকাৰ পিছতো একাংশ লোকৰ নাই কোনো সামাজিক সচেতনতা । গাতে-গা লগাই যদি কিছুমানে থিয় দিছে আন কিছুমানে গাতে-গা লগাই বহিছে । ৰঙিয়াৰ চেপ্তিৰ চিএছপি কেন্দ্ৰৰ লগতে মহকুমা অসামৰিক চিকিৎসালয়ত দেখা গৈছে এই ভয়ংকৰ দৃশ্য ৷ একাংশ মহিলা, যাৰ বহুতৰে মুখত নাই মাক্স, নাই কোনো সামাজিক দূৰত্ব তেওঁলোকৰ দ্বাৰাই ভংগ হৈছে কোভিড-19ক লৈ চৰকাৰে জাৰী কৰা নিৰ্দেশনা ।

ধোৱাচাঙত সামাজিক দুৰত্ব

সেই একেই অৱস্থা ৰঙিয়া অসামৰিক চিকিৎসালয়তো পৰিলক্ষিত হৈছে । বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে বহুতে আহিছে চিকিৎসাখনলৈ । কিন্তু কোনো ৰোগীয়ে মানি চলা নাই কোভিড-19 প্ৰতিৰোধী নীতি-নিয়ম । চিকিৎসালয় কৰ্তৃপক্ষৰ বাৰম্বাৰ অনুৰোধৰ পিচতো কোনো কেৰেপ নাই এইসকল লোকৰ ৷ এনেবোৰ ঘটনাই অদূৰ ভৱিষ্যতে কৰ'ণাক গণসংক্ৰমণৰ দিশলৈ লৈ গৈ থকাৰ কথাও নুই কৰিব নোৱাৰি ৷ সাম্প্ৰতিক সময়ত এনে এচাম অবিবেচক মানুহৰ কৰ্ম-কাণ্ডই সচেতন লোকক উদ্বিগ্ন কৰি তুলিছে ।

লগতে পঢ়কঃ গোকুল পাঠকৰ নামত প্ৰেক্ষাগৃহ আৰু প্ৰতিমূৰ্ত্তি স্থাপনৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.