ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jan 14, 2021, 9:15 AM IST

ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত

কোকৰাঝাৰত ভাৰত-ভূটান সীমান্তত উত্তেজনা ৷ বনাঞ্চলৰ ভূমি দখল কৰিবলৈ অহাক কেন্দ্ৰ কৰি বুধবাৰে উল্টাপানী আৰু সৰলপাৰাৰ মাজৰ গোৰাই বজাৰ অঞ্চলত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি ৷ বন বেদখলকাৰীৰ আক্ৰমণত 6 গৰাকী বনৰক্ষী আহত ৷ বেদখলকাৰীয়ে ভাঙি চূড়মাৰ কৰিলে বনকৰ্মীৰ গাড়ী ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 50 জাঁইৰো অধিক শূন্যলৈ গুলিচালনা ৷

গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বিষয়াৰ সমীক্ষামূলক বৈঠক

বুধবাৰে গুৱাহাটীত ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰে বৈঠকত মিলিত হয় নিৰ্বাচনী আয়োগৰ ৬ জনীয়া বিষয়াৰ দলে । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকখনত ।

কাছাৰ জিলাৰ কাশিপুৰত লোমহৰ্ষক হত্যাকাণ্ড

কাছাৰ জিলাৰ কাশিপুৰত উৰুকা দিনাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিপেন্দ্ৰে ঘোষ নামৰ এজন লোকক ঘপিয়াই হত্যা কৰে অচিনাক্ত লোকে ৷ লোকজনৰ ঘৰ কাশিপুৰ দ্বিতীয় খণ্ডত বুলি জানিব পৰা গৈছে ৷

দেশবাসীক লোহৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

সমগ্ৰ দেশবাসীক লোহৰীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ লোহৰীৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

নিজ কৰ্তব্যৰ মাজতেই উৰুকা পালন মৰিগাঁৱৰ আৰক্ষীৰ

কৰ্মব্যস্ততাৰ মাজতে মৰিগাঁও জালুগুটিৰ আৰক্ষী চকীৰ জোৱান সকলে উৰুকাৰ নিশা বিহু গীতৰ তালে-তালে নাচি-বাগি উদযাপন কৰিলে হেঁপাহৰ উৰুকা ।

এআইইউডিএফৰে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দ্বিধাগ্ৰস্ততা কিয় ?

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাকলৈ বিভিন্ন মহলত চৰ্চা অব্য়াহত আছে । ইয়াৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰা তথ্য মতে প্ৰদেশ কংগ্ৰেছৰ ফৈদে এআইইউডিএফৰে মিত্ৰতাৰ পোষকতা কৰিলেও উজনিৰ সৰহসংখ্যক কংগ্ৰেছ নেতাই বিচৰা নাই এই মিত্ৰতা ।

বলপূৰ্বক ধৰ্মান্তকৰণৰ অভিযোগত পাকিস্তানত তিনি অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ

বলপূৰ্বক ভাৱে শিখ যুৱতীক অপহৰণ কৰি ধৰ্মান্তকৰণ কৰি বিবাহত বহিবলৈ বাধ্য কৰোৱাৰ অভিযোগত পাকিস্তানৰ এখন আদালতে তিনি অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত মুঠ আঠগৰাকীৰ ভিতৰত তিনিগৰাকীক শাস্তি প্ৰদান কৰি বাকী পাঁচগৰাকীক দোষমুক্ত ৷ মুঠ দহ হাজাৰ টকা জৰিমণা সহ প্ৰায় দুই বছৰৰ বাবে দুই গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ ৷

পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ

বুধবাৰে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে বিজেপিয়ে ৷ পাটাছাৰকুছি সমষ্টিত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটালে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

লক্ষ্ণৌত মহিলা আৰপিএফ কনিষ্টবলৰ তৎপৰতাত প্ৰাণ ৰক্ষা মহিলাৰ

লক্ষ্ণৌৰ চাৰবাগ ৰে‘লৱে ষ্টেচনত এগৰাকী মহিলা আৰপিএফ জোৱানৰ তৎপৰতাৰ ফলতে কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ মহিলা কনিষ্টবলগৰাকীৰ এই কৰ্তব্যনিষ্ঠাৰ বাবে পুৰস্কৃত কৰাৰ কথা ঘোষণা উত্তৰ ৰে‘লৱেৰ প্ৰৱন্ধক সঞ্জয় ত্ৰিপাঠীৰ ৷

কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোন ?

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী থকা অৱস্থাতে পোন্ধৰটা বছৰ শাসন চলোৱা কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম ৷ শিবিৰ বিভক্ত কংগ্ৰেছে এই পৰ্যন্ত থিৰাং কৰিব পৰা নাই অসমত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.