ETV Bharat / state

চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যুৰ অভিযোগ ৰঙিয়াত

author img

By

Published : Oct 19, 2019, 9:29 PM IST

শনিবাৰে ৰঙিয়া অসামৰিক চিকিৎসালায়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবে এটা নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ মৃত শিশুটিৰ অভিভাৱকৰ ৷ অভিযোগ অস্বীকাৰ চিকিৎসকৰ ৷

ৰঙিয়া অসামৰিক চিকিৎসালায়ত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া,19 অক্টোবৰঃ ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবে এটা নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ মৃত শিশুটিৰ অভিভাৱকৰ ৷ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে ৰঙিয়া অসামৰিক চিকিৎসালায়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযুক্ত চিকিৎসক ডাঃ গৌৰাংগ মেধিক ভুক্তভোগীৰ পৰিয়াল আৰু আত্মীয়‌ই গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। ইয়াৰ পিছতে চিকিৎসালয়খনত বিৰাজ কৰে এক উত্তেজনাময় পৰিৱেশে ৷ আৰক্ষী-অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও কৰ্তব্যত অৱহেলা কৰাৰ বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ তুলি ডাঃ গৌৰাংগ মেধিৰ বিৰুদ্ধে মৃত নৱজাতকৰ পিতৃ নৰেন চৌধুৰীয়ে ৰঙিয়া থানাত গোচৰ তৰে। আনহাতে অৱহেলাৰ অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত চিকিৎসক ডাঃ গৌৰাংগ মেধিয়ে। চিকিৎসকৰ অভাৱৰ বাবে প্ৰসূতি গৰাকীৰ জৰুৰীকালীন চিজাৰিয়ান অপাৰেচন কৰিব পৰা নগ'ল, যাৰ বাবে মাতৃক ৰক্ষা কৰিব পৰা গ'ল যদিও নৱজাতকক ৰক্ষা কৰিব পৰা নগ'ল বুলি অসহায় ভাৱে স্বীকাৰ কৰে চিকিৎসক মেধিয়ে।

ৰঙিয়া অসামৰিক চিকিৎসালায়ত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়কঃ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ অনুশীলনস্থলীৰ পৰা লাইভ

Intro:ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যুBody:ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ গাফিলতি বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উথ্থাপিত হৈছে। এইলৈ ৰঙিয়া অসামৰিক চিকিৎসালায়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযুক্ত চিকিৎসক ডাঃ গৌৰাংগ মেধিক ভুক্তভোগীৰ পৰিয়াল আৰু আত্মীয়‌ই গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। ইয়াৰ পিছতে চিকিৎসালয়খনত এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰে। ইয়াৰ পিছতে ব্যাপক হাৰত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইফালে কৰ্তব্যত অৱহেলা কৰাৰ বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ তুলি ডাঃ গৌৰাংগ মেধিৰ বিৰুদ্ধে মৃত নৱজাতকৰ পিতৃ নৰেন চৌধুৰীয়ে ৰঙিয়া থানাত গোচৰ তৰে । আনহাতে অৱহেলাৰ অভিযোগ অস্বীকাৰ কৰিছে অভিযুক্ত চিকিৎসক ডাঃ গৌৰাংগ মেধিয়ে । চিকিৎসকৰ অভাৱৰ বাবে প্ৰসূতি গৰাকীৰ জৰুৰীকালীন চিজিৰিয়ান অপাৰেচন কৰিব পৰা নগ'ল , যাৰ বাবে মাতৃক ৰক্ষা কৰিব পৰা গ'ল যদিও নৱজাতকক ৰক্ষা কৰিব পৰা নগ'ল বুলি অসহায় ভাৱে চিকিৎসক মেধিয়ে স্বীকাৰ কৰে ।
Byte:- victim's husband , doctorConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.