ETV Bharat / state

ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - ঋতুপৰ্ণ পেগু

ঋতুপৰ্ণ পেগুৰ হত‍্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । এই প্ৰতিবাদৰ ফলতেই ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ।

National Highway blocked by Bajrang Dal at Rangia

author img

By

Published : Jun 16, 2020, 6:35 PM IST

ৰঙিয়া,16 জুনঃ ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বজৰংগ দলৰ তীব্ৰ প্ৰতিবাদ । ঋতুপৰ্ণ পেগুৰ হত‍্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী বজৰং দলৰ ।

ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙিয়াৰ চ'ছাইটি চকত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে ঘাইপথ অৱৰোধ কৰি ঋতুপৰ্ণ পেগুৰ হত‍্যাকাৰীক কঠোৰ শাস্তি দিয়ক,আমাক ন্যায় লাগে,তালিবানী হত্যা নচলিব আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ । ঘাইপথ অৱৰোধ কৰাৰ ফলত পথৰ দুয়োদিশে শ-শ গাড়ী আবদ্ধ হৈ পৰে । পিচত ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ মুকলি কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰী সকলে দণ্ডাধীশৰ উপস্থিতিৰ দাবী তোলে ।

অৱশেষত অৱৰোধস্থলীত দণ্ডাধীশ উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলে ঋতুপৰ্ণ পেগুৰ হত‍্যাকাৰীক কঠোৰ শাস্তি দিয়া,ঋতুপৰ্ণ পেগুৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া,ঋতুপৰ্ণ পেগুৰ পত্নীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰাৰ দাবী তুলি মুখমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে,শুকুৰবাৰে দিন-দুপৰতে হানি-খুচি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগু নামৰ লোকজনক । গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো । এই হত্যাকাণ্ডত অভিযুক্ত হুছেইন আলী,দুলাল আলী,ইব্ৰাহিম আলী,মনোৱাৰা খাতুন আৰু আৰমান আলী নামৰ ৫ জনক ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে চাওকঃ কোন সঁচা,কোন মিছা ? আৰক্ষী নে প্ৰশাসনিক বিষয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.