ETV Bharat / state

নাগাৰা নামৰ একান্ত সাধক ৰূপেন্দ্ৰ নাথ ডেকালৈ শিল্পী পেঞ্চন - অসম নাগাৰা নাম সংঘ

অসম নাগাৰা নাম সংঘৰ অন্যতম প্ৰতিষ্ঠাপক তথা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ হাহাৰা গাঁৱৰ ৰূপেন্দ্ৰ নাথ ডেকালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে শিল্পী পেঞ্চন, বিজতৰীয়া অপসংস্কৃতি নেগেৰা নামত সংযোজিত কৰি গুৰুজনাক একাংশই অপমান কৰিছে বুলি মন্তব্য শিল্পী গৰাকীৰ

নাগাৰা নামে শেহতীয়াকৈ হেৰুৱাই পেলাইছে মৌলিকতাঃ নাগাৰা নামৰ একান্ত সাধক ৰূপেন্দ্ৰ নাথ ডেকা
author img

By

Published : Aug 14, 2019, 9:58 PM IST

কামৰূপ, 14 আগষ্টঃ অসম নাগাৰা নাম সংঘৰ অন্যতম প্ৰতিষ্ঠাপক তথা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ হাহাৰা গাঁৱৰ ৰূপেন্দ্ৰ নাথ ডেকালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে শিল্পী পেঞ্চন । প্ৰায় 42 বছৰ ধৰি অব্যাহত ৰখা নাগাৰা নামৰ একান্ত সাধক গৰাকীক ৰাজ্য চৰকাৰে শেষতীয়াভাৱে স্বীকৃতি প্ৰদান কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী । উল্লেখযোগ্য যে, ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়তে সংস্কৃতিৰ পথাৰত ভৰি দিয়া শিল্পী গৰাকীয়ে 1971 চনৰ পৰা ধাৰাবাহিক ভাৱে নাগাৰা নাম পৰিবেশনেৰে সংস্কৃতি প্ৰেমী ৰাইজৰ মন জয় কৰি আহিছে ৷ সেয়ে শিল্পী গৰাকীলৈ আগবঢ়োৱা স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰক তেওঁ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নাগাৰা নামে শেহতীয়াকৈ মৌলিকতা হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে , নৱ প্ৰজন্মৰ শিল্পী সকলে নাগাৰা নামৰ সৈতে কিছুমান বিজতৰীয়া অপসংস্কৃতি সংযোজিত কৰি গুৰুজনাক অপমান কৰিছে বুলিও অভিযোগ কৰে ৷

Intro:V/O -অসম নাগাৰা নাম সংঘৰ অন্যতম প্ৰতিষ্ঠাপকলৈ ৰাজ্য চৰকাৰৰ স্বীকৃতি। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ হাহাৰা গাঁৱৰ ৰূপেন্দ্ৰ নাথ ডেকালৈ শিল্পী পেঞ্চন ৰাজ্য চৰকাৰৰ। ৪২ বছৰ ধৰি নাগাৰা নামৰ একান্ত সাধক গৰাকীলৈ ৰাজ্য চৰকাৰৰ স্বীকৃতিত উৎফুল্লিত অঞ্চলবাসী। নাগাৰা নামে শেহতীয়া ভাবে মৌলিকতা হেৰুৱাৰ অভিযোগ প্ৰবীন শিল্পী গৰাকীৰ। নব প্ৰজন্মৰ শিল্পী সকলে নাগাৰা নামৰ সৈতে অপসংস্কৃতি সংযোজিত কৰি গুৰুজনাক অপমান কৰাৰ অভিযোগ শিল্পী পেঞ্চন প্ৰাপক গৰাকীৰ। নাগাৰা নামৰ একান্ত সাধক গৰাকীলৈ ৰাজ্য চৰকাৰৰ স্বীকৃতিৰ পাছতে বিভিন্ন দল সংগঠনৰ শুভেচ্ছা জ্ঞাপন । কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ অসুস্থতাৰ বাবে তেওঁৰ প্ৰতিনিধিও শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ জ্ঞাপন কৰে শুভকামনা। ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়তে খোজ পেলাইছিল সংস্কৃতিৰ পথাৰত শিল্পী গৰাকীয়ে । কিন্তু ১৯৭১ চনৰ পৰা শিল্পী গৰাকীয়ে ধাৰাবাহিক ভাবে নাগাৰা নাম পৰিবেশনেৰে সংস্কৃতু প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় ।
বাইট:--Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.