বকো, 17 জুলাই : শংকৰ-আজানৰ দেশ অসম ভূমি ৷ ইয়াত হিন্দু-মুছলমান সকলো ভাই-ভাই (Hindu Muslim harmony) ৷ ইতিহাস ইয়াৰ সাক্ষী ৷ সেই ইতিহাসৰে যেন পুনৰাবৃত্তি ঘটাই একতাৰ বাৰ্তা কঢ়িয়াই আনিছে কামৰূপ জিলাৰ বকোৰ একাংশ ৰাইজে ৷
যি সময়ত হজৰত মহম্মদক এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে অপমান কৰা বিতৰ্কই সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে, তেনে সময়তে শংকৰ-আজানৰ দেশ অসমত 95 বছৰীয়া মঃ অজিমুল্লাহ শ্বেখে দিছে মহানুভৱতাৰ পৰিচয় ৷
প্ৰায় ডেৰ কঠাৰ ম্যাদী পট্টা মাটি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত টুৰুকপাৰা গাঁৱৰ মঃ অজিমুল্লাহ শ্বেখে দান কৰিছে অঞ্চলটোৰ হিন্দু পৰিয়ালসমূহক শ্মশান হিচাবে ব্যৱহাৰ কৰিবলৈ ৷ কিয়নো টুৰুকপাৰা গাঁৱৰ বাসিন্দাসকলৰ বাবে নাই কোনো নিৰ্দিষ্ট শ্মশান ৷ যাৰ বাবে অঞ্চলটোৰ হিন্দু ৰাইজে মৃতদেহ দাহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ কিন্তু এতিয়া মঃ অজিমুল্লাহ শ্বেখৰ পৰা শ্মশানৰ বাবে মাটিখিনি লাভ কৰি কিছু সকাহ লাভ কৰিছে অঞ্চলটোৰ হিন্দু পৰিয়ালসমূহে ৷
যেতিয়া অঞ্চলটোত কোনো লোকৰ মৃত্যু হয়, তেতিয়া হিন্দু পৰিয়ালসমূহে মৃতদেহ সৎকাৰৰ বাবে উপযুক্ত মাটিৰ অভাৱত বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল । যাৰ বাবে স্থানীয় ৰাইজে মঃ অজিমুল্লাহ শ্বেখক তেওঁৰ কিছু মাটি ৰাজহুৱা শ্মশানৰ বাবে দান কৰিবলৈ অনুৰোধ জনাইছিল ৷
স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে, মঃ অজিমুল্লাহ শ্বেখে তেওঁৰ পাঁচ পুত্ৰ আৰু তিনি কন্যাৰ সন্মতিত প্ৰায় ডেৰ কঠা ম্যাদী পট্টা মাটি হিন্দু লোকসকলৰ হকে ৰাজহুৱা শ্মাশানৰ বাবে দান কৰে (Muslim man donated land for cremation site to Hindu community) ৷
কেৱল এয়াই নহয়, মঃ অজিমুল্লাহ শ্বেখে প্ৰায় ৬০ বছৰ পূৰ্বে বকোৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ বাবে ৰাজ্য চৰকাৰক ১০ বিঘা মাটি দান কৰিছিল । মঃ অজিমুল্লাহ শ্বেখৰ এই মহানুভৱতাক এতিয়া সকলোৱে শলাগ জনাইছে ৷
লগতে পঢ়ক : Cops in paddy field: পিঠিত বন্দুক, হাতত কোৰ-পাৱাৰ টিলাৰ লৈ পথাৰত ব্যস্ত আৰক্ষী