ETV Bharat / state

ৰঙিয়াত বোৱাৰী হত্যা - ৰঙিয়াৰ গুৰকুছি

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । এগৰাকী বোৱাৰী হত্যাৰ অভিযোগত উত্তপ্ত হৈ পৰিল ৰঙিয়া । ৰঙিয়াৰ গুৰকুছিৰ এটা সন্তানৰ মাতৃক হত্যাৰ অভিযোগ মাতৃগৃহৰ । বোৱাৰী হত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত ।

ৰঙিয়াত বোৱাৰী হত্যা
ৰঙিয়াত বোৱাৰী হত্যা
author img

By

Published : Feb 26, 2021, 5:08 PM IST

ৰঙিয়া, ২৬ ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ বোৱাৰী হত্যা । এইবাৰ কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা । ৰঙিয়াৰ গুৰকুছিৰ এটা সন্তানৰ মাতৃ জুৰি বেগমক স্বামীগৃহই হত্যা কৰাৰ অভিযোগ উত্থাপন । স্বামী খবিৰুদ্দিন আহমেদৰ লগতে শাহুৱেক মেহেৰুণ নেছাসহ চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তিনিবছৰ পূৰ্বে খবিৰুদ্দিন আহমেদৰ সৈতে জুৰি বেগমৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল । প্ৰায়ে জুৰিক নিশা আহাৰ গ্ৰহণ কৰিবলৈ বাধা প্ৰদান কৰি অহাৰ লগতে ভাবুকি প্ৰদান কৰাৰ কথা মাতৃগৃহত ফোনযোগে জনাইছিল জুৰি বেগমে । কিন্তু জুৰিৰ স্বামীগৃহৰ পৰিয়ালে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল জুৰিক । বৃহস্পতিবাৰে নিশাও শাহুৱেকৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল বোৱাৰী জুৰিৰ । শুকুৰবাৰে পুৱাই ৰান্ধনীঘৰত জুৰিৰ মৃতদেহ উদ্ধাৰ হয় । নিশা হত্যা কৰি ৰান্ধনীঘৰত পেলাই থোৱাৰ অভিযোগ জুৰিৰ মাতৃ পৰিয়ালৰ । উল্লেখ্য যে, ৰঙিয়াৰ ইছলামপুৰত জুৰিৰ মাতৃঘৰ ।

ৰঙিয়াত বোৱাৰী হত্যা

সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া থানাত ইছলামপুৰ অঞ্চলৰ ৰাইজে ৰঙিয়া থানা ঘেৰাও কৰে । আৰক্ষীয়ে অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্তলৈ কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । বোৱাৰী হত্যাৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত ।

লগতে পঢ়ক:শিৱসাগৰত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.