ETV Bharat / state

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

কোৰেৰে পত্নীক ঘপিয়ালে স্বামীয়ে । যৌতুক নিদিয়াৰ বাবে বকোত চাঞ্চল্যকৰ ঘটনা

author img

By

Published : Apr 21, 2019, 12:43 PM IST

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

বকো,২১ এপ্ৰিলঃ বকোৰ সোণতলীত চাঞ্চল্যকৰ ঘটনা ৷ যৌতুক নিদিয়াৰ বাবে পত্নীক হত্যাৰ চেষ্টা স্বামীৰ ৷ শনিবাৰে কুঁহিয়াৰ খেতিৰ মাজলৈ নি পত্নী মমতা বেগমক কোৰেৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলাই বকোৰ ছাহেদ আলী নামৰ ব্যক্তিজনে। বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনষ্ঠ পুৰাণ গাঁৱৰ জাবেদ আলীৰ কন্যা মমতা বেগমে ১৫ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল ৰৌমাৰী গাঁৱৰ জোছন আলীৰ পুত্ৰ ছাহেদ আলীৰ সৈতে ৷ বিয়াৰ পিছৰে পৰাই যৌতুক বিচাৰি পত্নীক বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী ছাহেদ আলীয়ে ৷ স্বামীৰ অত্যাচাৰ বন্ধ কৰিবলৈ মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে মাটি বিক্ৰী কৰি ২ লাখ টকা যৌতুক হিচাপে দিছিল ছাহেদ আলীক ৷ইয়াৰ পিছতো ক্ষান্ত নাথাকি পুনৰ যৌতুকৰ দাবীৰে নিকৃষ্ট মানসিকতাৰ স্বামী ছাহেদ আলীয়ে আকৌ অত্যাচাৰ আৰম্ভ কৰে মহিলাগৰাকীৰ ওপৰত ৷

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

শনিবাৰে ছাহেদ আলীয়ে তেওঁৰ পত্নী মমতা বেগমক কুঁহিয়াৰ খেতিৰ মাজলৈ মাতি নি কোৰেৰে ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা চলায় ৷ তেনে অৱস্থাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ আগবাঢ়ি অহি স্বামীৰ কৱলৰ পৰা কোনোমতে ৰক্ষা কৰি তৎক্ষণাত ভৰ্তি কৰায় চিকিৎসালয়ত । আনহাতে ঘটনা সংঘটিত কৰাৰ পাছৰে পৰাই পলাতক অৱস্থাত আছে স্বামী ছাহেদ আলী । ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাতৃয়ে ছাহেদ আলী তথা ছাহেদ আলীৰ পিতৃ জোছন আলী আৰু খুড়াক জাবেদ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সোণতলী আৰক্ষী চকীত ।

Intro:*বকোত পত্নীক হত্যাৰ চেষ্টা, কোৰেৰে গলত ঘাপ, সংকতজনক অৱস্থাত চিকিৎসাধিন, স্বামী পলাতক*

ANCHOR - দক্ষিণ কামৰূপৰ সোণতলীত চাঞ্চল্যকৰ ঘটনা ৷ যৌতুক নিদিয়াৰ বাবে পত্নীক হত্যাৰ চেষ্টা স্বামীৰ ৷ কুহিয়াৰ খেতিত মাতি নি পত্নীক কোৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ ৷ স্থানীয় ৰাইজ হত্যাকাৰীৰ কবলৰ পৰা ৰক্ষা কৰি চিকিৎসালয়ত ভৰ্তি কৰায় মহিলাগৰাকীক ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন স্বামীৰ ৷ সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল মহিলা গৰাকীৰ ভাতৃৰ ৷Body:VOICE OVER - দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনস্থ পুৰাণ গাঁৱৰ জাবেদ আলীৰ কন্যা মমতা বেগমে ১৫ বছৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছিল ৰৌমাৰী গাঁৱৰ জোসন আলীৰ পুত্ৰ ছাহেদ আলীৰ সৈতে ৷ বিয়াৰ পিছৰে পৰাই যৌতুক বিচাৰি পত্নীক বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী ছাহেদ আলীয়ে ৷ স্বামীৰ অত্যাচাৰ ৰোধ কৰিবলৈ মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে মাটি বিক্ৰী কৰি ২ লাখ টকা যৌতুক হিচাপে দিছিল ছাহেদ আলীক ৷ ইয়াৰ পিছতো ক্ষান্ত নাথাকি পুনৰ যৌতুকৰ দাবীৰে নিকৃষ্ট মানসিকতাৰ স্বামী ছাহেদ আলীয়ে আকৌ অত্যাচাৰ আৰম্ভ কৰে মহিলাগৰাকীৰ ওপৰত ৷ যোৱা শনিবাৰে ছাহেদ আলীয়ে তেওঁৰ পত্নী মমতা বেগমক কুহিয়াৰ খেতিৰ পৰিচৰ্চা কৰাৰ ছলনা কৰি (কুহিয়াৰ খেতিত) মাতি নি কোৰেৰে ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা চলায় ৷ তেনে অৱস্থাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ আগবাঢ়ি অহি স্বামীৰ কবলৰ কোনোমতে ৰক্ষা কৰি তৎক্ষনাত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলাগৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ আনহাতে ঘটনা সংঘটিত কৰিয়েই নিকৃষ্ট মানসিকতাৰ স্বামী ছাহেদ আলী পলাতক হৈ আছে৷Conclusion:ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাতৃয়ে ছাহেদ আলীৰ তথা ছাহেদ আলীৰ পিতৃ জোছন আলী আৰু খুড়া জাবেদ আলীৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷
ঘটনাৰ সঠিক তদন্ত মৰ্মে উচিৎ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.