ETV Bharat / state

প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাক ঘেৰাও ক্ৰীড়াপ্ৰেমীৰ

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদত সুদীৰ্ঘ দিনে নিয়োজিত প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাৰ লগতে সম্পাদকৰ পদত ন্যস্ত আছে দিলীপ চৌধুৰী ৷ দুইগৰাকী ব্যক্তিৰ ভূমিকাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে ঘেৰাও কৰে চেফ ধাবা ৷ উক্ত ধাবাত সাংসদগৰাকীৰ লগতে সম্পাদক চৌধুৰী মিলিত হৈছিল এক গোপন বৈঠকত ৷

author img

By

Published : Oct 4, 2020, 1:53 PM IST

Updated : Oct 5, 2020, 1:47 PM IST

MP Bhubneswar kalita gherau by public in rangia assam etv bharat news
ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাত অঘটন

ৰঙিয়া,4 অক্টোবৰ: প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা সুদীৰ্ঘ দিনে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদত ন্যস্ত থকাৰ বিপৰীতে সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে দিলীপ চৌধুৰী ৷ দুইগৰাকী ব্যক্তিৰ ভূমিকাত অতিষ্ঠ হৈ অৱশেষত ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে দেওবাৰে ঘেৰাও কৰে প্ৰাক্তন সাংসদগৰাকীৰ লগতে সম্পাদকক ৷ বিগত সময়ছোৱাত ব্যক্তি দুগৰাকীয়ে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল ৷ লগতে বহু কেইগৰাকী প্ৰতিভাৱান খেলুৱৈৰ জীৱন তথা কেৰিয়াৰ ধ্বংসৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ প্ৰাক্তন সাংসদ কলিতাৰ লগতে সম্পাদক দিলীপ চৌধুৰীয়ে ৰঙিয়াস্থিত চেফ ধাবাত গোপনে ক্ৰীড়া বিষয়ক বিভিন্ন সভাৰ বাবে পূৰ্বতেও মিলিত হৈছিল ৷ পুনৰ দেওবাৰে দুয়োগৰাকী ব্যক্তিয়ে গোপন বৈঠকত মিলিত হোৱাৰ তথ্য লাভ কৰি ক্ষুব্ধ স্থানীয় ৰাইজে ধাবাৰ গেট বন্ধ কৰাৰ লগতে ধাবাখন ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ পৰিস্থিতি অধিক শোচনীয় হোৱাত নিয়ন্ত্ৰণৰ বাবে মোতায়ন কৰা হয় আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী ৷ ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাওতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৰাইজ ৷

উল্লেখ্য যে,একমাত্ৰ ধনৰ লোভৰ বাবে সুদীৰ্ঘ 18 বছৰে একেটা পদতে কাৰ্যনিৰ্বাহ কৰি আছে ক্ৰীড়া সন্থাৰ সম্পাদকগৰাকীয়ে ৷ এইক্ষেত্ৰত সম্পাদকগৰাকীক প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাই ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃ শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

Last Updated : Oct 5, 2020, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.