ETV Bharat / state

সাৱধান ! আগন্তুক ৪ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা - কৰ'ণা ভাইৰাছ

সাৱধান ! আগন্তুক ৪ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা । ৪ আৰু ৫ মে'ত প্ৰৱল বৰষুণৰ লগতে ঘন্টাত ৬০ কিঃমিঃ বেগত ধুমুহা বলাৰ সম্ভাৱনা থকা বুলি সদৰী কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ।

লকডাউন
সাৱধান ! আগন্তুক ৪ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা
author img

By

Published : May 3, 2020, 10:26 PM IST

কামৰূপ, ৩ মে': দেশত কৰ'ণাৰ বাবে অব্যাহত আছে লকডাউন । দেওৱাৰে দ্বিতীয় পৰ্যায়ৰ লকডাউন সমাপ্ত হোৱাৰ পাচত ৪ মে'ৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ লকডাউন । এই লকডাউনৰ ফলত ইতিমধ্যে হাবু-ডুবু খাইছে দৰিদ্ৰ লোকসকল । এতিয়া পুনৰ এক সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । দেওবাৰৰ পৰা আগন্তুক ৪ দিনলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা । দেওবাৰৰ পৰা ৭ মে'লৈ বতৰ বিজ্ঞানে জাৰি কৰিছে এই সতৰ্কতা ।

সাৱধান ! আগন্তুক ৪ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা

দেওবাৰে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ বিভিন্ন ঠাইত পাতলীয়া বৰষুণৰ লগতে বিজুলী ধেৰেকনি মৰাৰ সম্ভাৱনা আছে । একেদৰে আগন্তুক ৪ দিনলৈ অৰুণাচলকে ধৰি আটাইকেইখন ৰাজ্যত অব্যাহত থাকিব বৰষুণ আৰু ধেৰেকনি ।

আনহাতে, দেওবাৰে অসমকে ধৰি নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ঘন্টাত ৪০-৫০ কিঃমিঃ বেগত ধুমুহা বলাৰ আশংকা কৰা হৈছে । একেদৰে এই ধুমুহা ৪মে' আৰু ৫ মে'ত ৬০ কিঃমিঃ বেগলৈ বৃদ্ধি হ'ব পাৰে লগতে ধাৰাষাৰ বৰষুণ অহাৰো সম্ভাৱনা আছে । অৱশ্যে এই বতাহ-বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৬ মে'ৰ পৰা । ৬ মে'ৰ পৰা ৩০-৪০ কিঃমিঃলৈ হ্ৰাস পাব বতাহৰ গতি । এই কথা সদৰী কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.