ৰঙিয়া, ১২ ছেপ্টেম্বৰ: ৰঙিয়াত পুনৰ এছ বি আই বেংকৰ এটিএম কাৰ্ডেৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, সোমবাৰে ৰঙিয়াৰ মুৰাৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজুদ্দিন আহমেদে তেওঁৰ বেংকৰ এটিএম কাৰ্ড যোগে ধন উলিয়াবলৈ এন টি ৰোডস্থিত এক্সিছ বেংকৰ এটা এটিএমত চেষ্টা কৰিছিল । কিন্তু কাৰিকৰী বিজুতিৰ বাবে তেওঁ ধন উলিয়াব নোৱাৰাত সেই সময়ত এটিএমটোত উপস্থিত থকা এজন অচিনাকি যুৱকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে । কিছু সময় পিছত যুৱকজনেও ধন উলিয়াব নোৱাৰা বাবে লোকজন ঘৰলৈ ওভতি যায় ।
ইপিনে,মঙলবাৰে পুৱাৰ ভাগত ফাইজুদ্দিন আহমেদে মোবাইল ফোনত তেওঁৰ একাউণ্টৰ পৰা সোমবাৰে চাৰিবাৰ আৰু মঙলবাৰে চাৰিবাৰ ধন উলিওৱাৰ মেছেজ লাভ কৰে । লগতে কোকৰাঝাৰৰ গ্ৰীণলেণ্ড শ্ব'পিং চেণ্টাৰত ৯১৯০ টকা খৰচ কৰাৰো এটা মেছেজ লাভ কৰে । অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজুদ্দিন আহমেদে ততাতয়াকৈ এছ বি আইৰ ৰঙিয়া শাখাত যোগাযোগ কৰে । বেংকৰ প্ৰাথমিক তদন্তত ফাইজুদ্দিন আহমেদৰ লগত থকা এটিএম কাৰ্ডখন তেওঁৰ সলনি আন কোনো ব্যক্তিৰ বুলি নিশ্চিত হয় । লগতে দুদিনত মুঠতে ৯ বাৰ লেনদেনযোগে মুঠ ৮৯,১৯০ টকা ফাইজুদ্দিন আহমেদৰ একাউণ্টৰ পৰা হৰলুকী হয় ।
দৰাচলতে যুৱকজনে ব্যক্তিগৰাকীক হাতৰ কিটিপতে কাৰ্ডখন সলনি কৰি জনৈক বসন্ত কলিতা বুলি লিখা থকা আন এখন কাৰ্ড দি থৈ যায় । ব্যক্তি গৰাকীয়ে বৰ্তমান বিষয়টো সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । বেংক কৰ্তৃপক্ষই ইতিমধ্যে কাৰ্ডখন বন্ধ কৰি দিছে । আনহাতে, আৰক্ষীয়েও এই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:Asia Cup 2023 : এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ 10000 ৰাণ সম্পূৰ্ণ; আজি এছিয়া কাপত ভাৰত বনাম শ্ৰীলংকা