ETV Bharat / state

Snatcher at Rangia: ৰঙিয়াত চোৰৰ সন্ত্ৰাস, চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ম’বাইল

author img

By

Published : Dec 3, 2022, 10:56 PM IST

ৰঙিয়াৰ পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা কনিহাৰ নিবাসী সুকণ্ঠ শৰ্মাৰ ঘৰত চোৰৰ চাফাই অভিযান ৷ ঘৰৰ কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিলে নগদ ধন আৰু সোণৰ অলংকাৰ ৷ ইফালে, এগৰাকী মহিলাৰ পৰা চিলনী চোৰে কাঢ়ি নিলে ম’বাইল ফোন ৷

Snatcher at Rangia
চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ম’বাইল

ৰঙিয়া, 3 ডিচেম্বৰ: চোৰৰ শেনচকু এইবাৰ শিক্ষকৰ ঘৰত(Thief at Rangia) । ৰঙিয়াৰ পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা কনিহাৰ নিবাসী সুকণ্ঠ শৰ্মাৰ ঘৰত চোৰৰ চাফাই অভিযান । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ তলা ভাঙি চোৰে চলালে লুট-পাট । ঘৰৰ গ্ৰীলৰ এটা তলা আৰু দুখন দুৱাৰৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰিলে চোৰৰ দল ।

চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ম’বাইল

দুটাকৈ আলমিৰাৰ তলা ভাঙি চোৰৰ দলটোৱে শিক্ষকগৰাকীৰ ঘৰৰ পৰা নগদ ৩৩ হাজাৰ টকাসহ প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুটি লৈ যায়(Looted money and ornaments) । শুক্ৰবাৰে সন্ধিয়া পৰিয়ালৰ লোকে ঘৰলৈ উভতি অহাৰ পিছত ঘৰৰ তিনিটাকৈ তলা ভঙাৰ লগতে আলমিৰাৰ দুটাৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ।

লগতে চোৰৰ দলটোৱে লণ্ড-ভণ্ড কৰি থৈ যায় ঘৰৰ সা-সামগ্ৰী ৷ ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালটোৱে ৷

ইফালে, ৰঙিয়া ষ্টেচন ৰোডৰ স্পৰ্শ হাস্পতালৰ কাষেৰে খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাৰ পৰা দুই চিলনী চোৰে ম’বাইল কাঢ়ি উধাও হয়(Snatched Mobile) । কিন্তু ম’বাইল চুৰি কৰি পলায়ন কৰাৰ চেষ্টা কৰোঁতেই এগৰাকী চাইকেল আৰোহীক খুন্দা মৰাৰ ফলত দুই চিলনী চোৰ বাইকসহ পতিত হয় দুৰ্ঘটনাত ।

অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়েই নিজৰ AS-01EW-1286 নম্বৰৰ ৰঙা ৰঙৰ ১৫০ পালচাৰখন এৰি থৈ অতি কৌশলেৰে পলায়ন কৰে । ইতিমধ্যে দুই চিলনী চোৰৰ পলায়নৰ দৃশ্য বন্দী হৈছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভিত ।

চিচিটিভিৰ ভিডিঅ’ৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ দিন-দুপৰতে ৰঙিয়াত সংঘটিত হোৱা চুৰিকাণ্ডৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী ৷ আনহাতে, প্ৰশ্ন উঠিছে আৰক্ষীৰ ভূমিকাক লৈয়ো ৷

লগতে পঢ়ক: Badruddin Ajmal Controversy : আজমলৰ মন্তব্যই লজ্জিত কৰিলে মুছলমান সমাজক: অসম চিভিল চ'ছাইটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.