ETV Bharat / state

হাজোত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কৃষি সঁজুলি বিতৰণ

author img

By

Published : May 29, 2020, 2:52 PM IST

ৰাজ্যৰ কৃষকৰ বাবে আশাৰ বতৰা ৷ শ্যামা প্ৰসাদ মুখাৰ্জী আৰ্বান প্ৰজেক্টৰ জৰিয়তে হাজোৰ কৃষকে লাভ কৰিছে কৃষি সঁজুলি ৷ শুকুৰবাৰে হাজো কৃষি বিভাগৰ কাৰ্যালয় চৌহদত বিধায়িকা সুমন হৰিপ্ৰিয়াই বিতৰণ কৰে বেটেৰীযুক্ত স্প্ৰে’ মেচিন আৰু মিনি ৰাইচ মিল ৷

বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কৃষি সঁজুলি বিতৰণ

হাজো, 29 মে’: হাজো কৃষি বিভাগৰ কাৰ্যালয় চৌহদত বিধায়িকা সুমন হৰিপ্ৰিয়াই শুকুৰবাৰে হিতাধিকাৰীৰ সকলৰ মাজত বিতৰণ কৰে কৃষি সঁজুলি ৷ শ্যামা প্ৰসাদ মুখাৰ্জী আৰ্বান মিছন আঁচনিৰ অধীনত সমষ্টিটোৰ 1নং গাঁও পঞ্চায়ত, 2নং গাঁও পঞ্চায়ত আৰু কুলহাটী গাঁও পঞ্চায়তৰ কৃষকৰ মাজত 465 টা বেটেৰীযুক্ত স্প্ৰে’ মেচিন আৰু 33 টা মিনি ৰাইচ মিল বিতৰণ কৰে বিধায়িকাগৰাকীয়ে ৷

কৃষকলৈ আগবঢ়োৱা এই বেটেৰীযুক্ত স্প্ৰে’ মেচিনসমূহ স্বয়ংক্ৰিয়ভাৱে চলিব আৰু ইয়াৰ ফলত কৃষকসকলে যথেষ্ট সকাহ পাব ৷ আনহাতে মিনি ৰাইচ মিলৰ জৰিয়তে কৃষকে নিজ গৃহতে ঘণ্টাত প্ৰায় 1 কুইণ্টল ধান বান্ধিব পাৰিব ৷ ইফালে এই অনুষ্ঠানতে খেতিয়কসকলক 1 টকাৰে কৃষি বীমা কৰিবলৈ অনুৰোধ জনায় কৃষি বিষয়াৰ লগতে বিধায়িকা সুমন হৰিপ্ৰিয়াই ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ অধীনত 5 খনকৈ আঁচনিৰ অনুমোদন জনাইছে ৷ ধেমাজি, কোকৰাঝাৰ, কাৰ্বিআংলঙত ইতিমধ্যে কৃষি সঁজুলি বিতৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.