ETV Bharat / state

মানসিক বাধাগ্ৰস্ত লোকৰ সৈতে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ - মানসিক বাধাগ্ৰস্ত লোকৰ পূৰ্ণবাস কেন্দ্ৰ

বৃহস্পতিবাৰে ছয়গাঁৱৰ বনগাঁওস্থিত আশাদ্বীপ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰিচালনাত থকা মানসিক বাধাগ্ৰস্ত লোকৰ পূৰ্ণবাস কেন্দ্ৰত উপস্থিত হয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ।

mla rekibuddin ahmed donated foods among psychopathic people in chaygaon

author img

By

Published : May 7, 2020, 12:49 PM IST

ছয়গাঁও, 7 মে': সাম্প্ৰতিক মহামাৰীৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকৰ বাবে বিভিন্ন প্ৰাকাৰে সহায়ৰ হাত আগবঢ়াইছে । এনে সময়তে ছয়গাঁৱৰ বনগাঁওস্থিত আশাদ্বীপ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰিচালনাত থকা মানসিক বাধাগ্ৰস্ত লোকৰ পূৰ্ণবাস কেন্দ্ৰত, মানসিক বাধাগ্ৰস্ত লোকসকলৰ খবৰ ল'বলৈ উপস্থিত হয় ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ।

মানসিক বাধাগ্ৰস্ত লোকৰ সৈতে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ

২০০৫ চনৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা মানসিক বাধাগ্ৰস্ত অঘৰী লোকক এই কেন্দ্ৰ ৰাখি শুশ্ৰূষা প্ৰদান কৰি অহা হৈছে । বৃহস্পতিবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে কেন্দ্ৰটোত উপস্থিত হৈ, কৰ'ণাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে পৰিদৰ্শন কৰাৰ লগতে, কেন্দ্ৰটোত থকা ৭৫ গৰাকী পুৰুষ-মহিলা আৰু 15 গৰাকী কৰ্মকৰ্তাৰ মাজত ফলমূল, গাখীৰ, বিস্কুট, খোৱা পানী আদি বিতৰণ কৰে । ইয়াৰোপৰি কৰ'ণা মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ মাস্ক, হেণ্ড চেনিটাইজাৰ আদিও বিতৰণ কৰে কেন্দ্ৰটোৰ লোকসকলৰ মাজত ।

লগতে পঢ়কঃ সাহায্যৰ পৰা বঞ্চিত আমগুৰিৰ দুটা পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.