ETV Bharat / state

শ্বহীদ পৰিয়াললৈ সহায়ৰ হাত ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ - বিধায়ক ৰেকিবুদ্দিন আহমেদ

পহিলা জানুৱাৰীৰ দিনটোত দীপাঞ্জলৰ ভাতৃ দীপাংকৰ দাসক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰৰ লগতে এখন স্কুটি ৷ উল্লেখ্য যে, শ্বহীদ গৰাকীৰ পৰিয়ালৰ খবৰ ল’বলৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ-মাতৃক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷

চি এ এ শ্বহীদ
আহমেদে প্ৰদান কৰে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰৰ লগতে এখন স্কুটি
author img

By

Published : Jan 2, 2020, 4:52 AM IST

Updated : Jan 2, 2020, 5:38 AM IST

আজাৰা,1 জানুৱাৰীঃ অনুদানৰ সোঁত বৈছে শ্বহীদ দীপাঞ্জল দাসৰ ঘৰলৈ ৷ প্ৰতিশ্ৰুতি অনুসৰি কথা ৰাখিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ পহিলা জানুৱাৰীৰ দিনটোত দীপাঞ্জলৰ ভাতৃ দীপাংকৰ দাসক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰৰ লগতে এখন স্কুটি ৷

অনুদান প্ৰদান কৰে বিধায়কগৰাকীয়ে

উল্লেখ্য যে, শ্বহীদ গৰাকীৰ পৰিয়ালৰ খবৰ ল’বলৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ-মাতৃক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ লগতে দীপাঞ্জলৰ ভাতৃ-ভগ্নীক সংস্থাপন দিয়াৰ দায়িত্ব লৈছিল ৷ উক্ত কথামতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰিয়ালটোক দুই লাখ টকা প্ৰদান কৰে ৷ তদুপৰি ৰাহুলৰ নিৰ্দেশত বিধায়ক ৰেকিবুদ্দিন আহমেদে দীপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা প্ৰদান কৰে ৷ বুধবাৰে বিধায়কগৰাকীয়ে পলাশবাৰীৰ ব্ৰহ্মপুত্ৰ ফুডচ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ নিযুক্তি পত্ৰ প্ৰদান কৰে দীপাঞ্জলৰ ভাতৃক ৷ বিধায়ক গৰাকীৰ এই কাৰ্যত স্বাভাৱিকতে সন্তোষ প্ৰকাশ কৰিছে শ্বহীদ গৰাকীৰ পৰিয়ালে ৷

লগতে চাওকঃপহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি

Intro:শ্বহীদ দীপাঞ্জল দাসৰ ভাতৃক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰিলে উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰ ৷ কৰ্মস্থলীলৈ যোৱাৰ সুবিধাৰ্থে নিজৰ দৰমহাৰ ধনেৰে কিনি দিলে স্কুটি ৷ Body:ছয়গাঁও ১ জানুৱাৰী : অৱশেষত প্ৰতিশ্ৰুতি অনুসৰি কথা ৰাখিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ "কা" আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ ভাতৃ দীপাংকৰ দাসক নৱ বৰ্ষৰ প্ৰথম দিনটোতেই ছয়গাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে এটি উদ্যোগ প্ৰতিষ্ঠানৰ নিযুক্তি পত্ৰ ৷ আনহাতে বিধায়ক গৰাকীৰ নিজৰ দৰমহাৰ টকাৰে দীপাংকৰক কিনি দিলে এখন স্কুটি ৷ যাতে কৰ্মৰত উদ্যোগ প্ৰতিষ্ঠানটোলৈ অহা যোৱাত সুবিধা হয় ৷ উল্লেখযোগ্য যে শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালৰ খবৰ ল’বলৈ অহা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ মাতৃৰ আগত তেওঁলোকৰ লগত সদায় থকাৰ প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে ৷ লগতে দীপাঞ্জলৰ ভাতৃ আৰু ভগ্নীক সংস্থাপন দিয়াৰ লগতে পৰিয়ালটোৰ বাবে এটি ঘৰ সাজি দিয়াৰো প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে ৷ সেইমতে ৰাহুল গান্ধীয়ে উক্তদিনাই দুই লাখ টকা প্ৰদান কৰাৰ লগতে ৰাহুল গান্ধীৰ নিৰ্দেশত বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰিক্সা চলোৱা দীপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা প্ৰদান কৰে ৷ সেইমতে আজি বিধায়ক গৰাকীয়ে নিজৰ প্ৰচেষ্টাত পলাশবাৰীৰ ব্ৰহ্মপুত্ৰ ফুডচ প্ৰাইভেট লিমিটেড নামৰ উদ্যোগ প্ৰতিষ্ঠানটোত কাম কৰাৰ বাবে দীপাঞ্জলৰ ভাতৃ দীপাংকৰক এখন নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ আজি বিধায়ক গৰাকীয়ে শ্বহীদ দীপাঞ্জলৰ ঘৰলৈ গৈ দীপাংকৰৰ হাতত নিযুক্তি পত্ৰখন দিয়াৰ লগতে বিধায়ক গৰাকীৰ ধনেৰে কিনা এখন স্কুটি দীপাংকৰৰ হাতত প্ৰদান কৰে ৷ দীপাঞ্জলৰ ভাতৃক চাকৰিৰ নিযুক্তি পত্ৰ আৰু স্কুটি দি অতি সুখী হোৱা বিধায়ক গৰাকীয়ে কয় যে তেওঁৰ বাবে আজিৰ দিনতো খুবেই ভাল দিন ৷ ইয়াৰ পিচত পৰিয়ালটোৱে ভালদৰে চলিব পৰাকৈ এটি সুযোগ পালে বুলিও বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে ৷ আনহাতে আজি চাকৰিৰ নিযুক্তি পত্ৰ আৰু স্কুটি পাই খুব ভাল লগা বুলি কৈ দীপাঞ্জলৰ ভাতৃ দীপাংকৰে এই ক্ষেত্ৰত তেওঁ ধন্যবাদ ঞ্জাপন কৰে ৷ দীপাঞ্জলৰ পিতৃ মাতৃ বিধায়ক গৰাকীৰ এই কাৰ্যক বাৰুকৈয়ে প্ৰশংসা কৰে ৷ লগতে বিধায়ক গৰাকীক ধন্যবাদ ঞ্জাপন কৰে ৷Conclusion:
Last Updated : Jan 2, 2020, 5:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.