ETV Bharat / state

বকো সমষ্টিৰ বন্যাৰ্তৰ কাষত বিধায়িকা নন্দিতা দাস - বকো সমষ্টিৰ বন্যাৰ্তৰ কাষত বিধায়িকা নন্দিতা দাস

ৰাজ্যত প্ৰথমটো বানে ইতিমধ্যে বুৰাই পেলাইছে ভিন্ন প্ৰান্তৰ লগতে বিস্তৃত কৃষিভূমি ৷ অন্যান্য অংশৰ দৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ কৃষি প্ৰধান অঞ্চলতো সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি ৷ সেয়ে দিনজোৰা কাৰ্যসূচীৰে বন্যাৰ্তৰ মনৰ বুজ লবলৈ দেওবাৰে উপস্থিত হয় বিধায়িকা নন্দিতা দাস ৷

MLA Nandita Das visited flood effected area at boko kamrup assam etv bharat news
বকো সমষ্টিৰ বন্যাৰ্তৰ কাষত বিধায়িকা নন্দিতা দাস
author img

By

Published : May 31, 2020, 6:54 PM IST

বকো, 31 মে’: কৰ’ণা ভাইৰাছৰ সমান্তৰালকৈ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পাইছে বানৰ সংহাৰী ৰূপ ৷ শেহতীয়াভাৱে ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ লগতে চুবুৰীয়া মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে একপ্ৰকাৰ তাণ্ডৱ সৃ্ষ্টি কৰিছে ৷ ফলত বানৰ কবলত পৰিছে বিস্তৃত কৃষিভূমি ৷

ৰাজ্যৰ অন্যান্য অংশৰ দৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ কৃষি প্ৰধান অঞ্চলতো সৃষ্টি হৈছে এক ভয়ংকৰ পৰিস্থিতি ৷ বছৰৰ প্ৰথমটো বানে ডুবাই পেলাইছে সমষ্টিটোৰ হাজাৰ হাজাৰ হেক্টৰ ইৰিধানৰ খেতিপথাৰ ৷ ইয়াৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷ এনে পৰিস্থিতিৰ মাজতে বকোৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি কৃষক ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷ বিধায়িকাগৰাকীয়ে যন্ত্ৰচালিত নাৱেৰে চৰকাৰী বিষয়া-কৰ্মচাৰী সহিতে ছমৰীয়া ৰাজহ চক্ৰৰ এলেকানাধীন প্ৰায় কুৰিখন বানাক্ৰান্ত ৰাজহ গাঁও পৰিভ্ৰমণ কৰে ৷

বকো সমষ্টিৰ বন্যাৰ্তৰ কাষত বিধায়িকা নন্দিতা দাস

উল্লেখ্য যে, পৰিভ্ৰমণ কালত সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজৰে মত বিনিময় কৰে বিধায়িকাগৰাকীয়ে ৷ কাৰ্যসূচীৰ অন্তত বকোৰ বানাক্ৰান্ত কৃষকক সহায়ৰ হাত আগবঢ়াবলৈ আশ্বাস প্ৰদান কৰাৰ লগতে পৰ্যাপ্ত সাহায্যৰ লগতে ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰক দাবী তোলে কংগ্ৰেছী বিধায়িকাগৰাকীয়ে ৷

লগতে চাওকঃ দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.