ETV Bharat / state

Flood at Rangia: ৰঙিয়াত বন্যাৰ্তৰ কাষত অখিল গগৈ

author img

By

Published : Jul 1, 2022, 6:45 PM IST

ৰঙিয়াৰ বগৰীবাৰীত শুক্ৰবাৰে উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰঙিয়াত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’লে বিধায়কগৰাকীয়ে (MLA Akhil Gogoi visited flood effected area of Rangia)৷

Flood at Rangia
ৰঙিয়াত বন্যাৰ্তৰ কাষত অখিল গগৈ

ৰঙিয়া, 1 জুলাই : ‘‘ৰঙিয়াৰ বগৰীবাৰীত কিয় বাৰে বাৰে মথাউৰি ছিগে ? চৰকাৰে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰে এই মথাউৰিসমূহ ৷ যাৰ বাবে বাৰে বাৰে দুৰ্ভোগ ভুগি আহিছে ৰঙিয়াবাসীয়ে ৷ সেয়ে ৰঙিয়াৰ বানাক্ৰান্তক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ লগতে বানত বিধ্বস্ত হোৱা কৃষি ভূমিৰগৰাকীক তিনিবছৰলৈ বান সাহাৰ্য প্ৰদান কৰিব লাগে’’ ৷ শুকুৰবাৰে বান বিধ্বস্ত ৰঙিয়াৰ বগৰীবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

বান বিধ্বস্ত ৰঙিয়াৰ বগৰীবাৰীত উপস্থিত অখিল গগৈ

উল্লেখ্য যে, ৰঙিয়াৰ বগৰীবাৰীত শুক্ৰবাৰে উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi at Rangia) । বগৰীবাৰীত উপস্থিত হৈ বান পৰিস্থিতি বুজ লয় বিধায়ক গগৈয়ে (MLA Akhil Gogoi visited flood effected area of Rangia)। লগতে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বানাক্ৰান্তৰ শিবিৰসমূহো পৰিদৰ্শন কৰি বন্যাৰ্তৰ সমস্যাসমূহৰ বিষয়ে বুজ লোৱা পৰিলক্ষিত হয় ।

Flood at Rangia
ৰঙিয়াত বন্যাৰ্তৰ কাষত অখিল গগৈ

শুকুৰবাৰে কেৱল ৰঙিয়াৰ বগৰীবাৰীতে নহয়, নলবাৰীৰ বৰভাগতো বন্যাৰ্তৰ খবৰ ল’বলৈ জিলাখনত উপস্থিত হয় বিধায়ক অখিল গগৈ ৷ য’ত একাংশ স্থানীয় ৰাইজৰ দ্বাৰা অপদস্থ হ’ল শিৱসাগৰ জিলাৰ বিধায়কগৰাকী (Akhil Gogoi humiliated by BJP workers in Nalbari) ৷

লগতে পঢ়ক : নলবাৰীত বিজেপি কৰ্মীৰ দ্বাৰা অপদস্থ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.