ETV Bharat / state

PPE kit scam: চিবিআই তদন্তৰ দাবী অখিলৰ - চিবিআই তদন্তৰ দাবী অখিলৰ

ৰঙিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ ৷ ক'ভিডৰ দিনত পিপিই কিট, চেনিটাইজাৰ যোগান ধৰাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ বিধায়কগৰাকীৰ(PPE kit scam of Assam) ৷

MLA Akhil Gogoi demands probe of PPE kit scam of Assam
PPE kit scam: বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈছে ক'ভিড কেলেংকাৰী: অখিল গগৈ
author img

By

Published : Jun 12, 2022, 1:38 PM IST

ৰঙিয়া, 12 জুন : ৰঙিয়াৰ বড়িগোগত এখন নাগৰিক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । তেওঁ চৰকাৰখনৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে । বিধায়কগৰাকীয়ে কয় যে, "বিজেপি চৰকাৰৰ মাজত এতিয়া আৰম্ভ হৈছে বিসম্বাদ । নতুন বিজেপি আৰু পুৰণি বিজেপিৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে সংঘাত ।

তেওঁ লগতে কয় যে, যিদিনা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল তাৰ আগদিনা ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজিত দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানে একপ্ৰকাৰে বিজেপিৰ মাজত হোৱা বিসম্বাদক প্ৰমাণ কৰি দিছে । মন্ত্ৰীসভাৰ সালসলনিয়ে বিজেপিৰ মাজত অসন্তুষ্টি, বিজেপিৰ ভিতৰত হোৱা বিসম্বাদৰ ফলত নতুন বিজেপি আৰু পুৰণি বিজেপিৰ ভিতৰ চৰাত ব্যাপক সংঘাত আৰম্ভ হৈছে ।" অচিৰেই এই সংঘাতে ভবিষ্যতে এক নতুন মোৰ ল'ব বুলি বিস্ফোৰক মন্তব্য কৰে অখিল গগৈয়ে ।

আনহাতে, তেওঁ কয় যে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অসমখন শ্ৰীলংকাৰ সমান হৈছে । কেৱল প্ৰতিবাদৰ ক্ষেত্ৰতহে অসমৰ মানুহ শ্ৰীলংকাৰ পৰ্যায়লৈ যাব পৰা নাই । বিধায়কগৰাকীয়ে ইফালে অভিযোগ উত্থাপন কৰি কয় যে, "বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈছে ক'ভিড কেলেংকাৰী (PPE kit scam)৷ ক'ভিডৰ দিনত PPE KIT কেলেংকাৰী, চেনিটাইজাৰ যোগান ধৰাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে । এই কেলেংকাৰীত ক্ষেত্ৰত জড়িত আছে মুখ্যমন্ত্ৰীৰ পত্নী ৷ ক'ভিড মহামাৰীৰ সময়চোৱাত যে PPE KIT আৰু চেনিটাইজাৰ যোগানৰ নামত কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰী লুকুৱাবলৈ বিজেপি দলে অপচেষ্টা চলাইছে ৷"

PPE kit scam: বিজেপি চৰকাৰৰ দিনত সংঘটিত হৈছে ক'ভিড কেলেংকাৰী: অখিল গগৈ

সেয়ে সম্প্ৰতি এই ক্ষেত্ৰত চিবিআই তদন্ত বিচাৰিছে ৰাইজৰ দলে । যেতিয়ালৈকে এই ক্ষেত্ৰত চিবিআই তদন্ত নহয় তেতিয়ালৈকে বিজেপি চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । লগতে জালুকবাৰী সমষ্টিত যিমান কেলেংকাৰী সংঘটিত হৈছে অসমৰ কোনো সমষ্টিতে ইমান বেছি কেলেংকাৰী সংঘটিত হোৱা নাই বুলি দাবী কৰে বিধায়কগৰাকীয়ে । ফৰটিন ফাইনেন্সৰ যিবিলাক ধন ব্লক বিলাকলৈ আহিছিল সেই সমষ্ট ধনৰ কেলেংকাৰী জালুকবাৰী সমষ্টিত হৈছে বুলিও তেওঁ বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : বিহালী স্নাতক মহাবিদ্যালয় আৰু দীনদয়াল মহাবিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.