ৰঙিয়া, 15 ছেপ্টেম্বৰ : প্ৰেমে নামানে বয়সৰ বাধা ৷ প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা ৷ প্ৰথমতে ফেচবুকত প্ৰেম (Facebook Love) ৷ তাৰ পাচত কি কৰিছা, ক’লৈ গৈছা, কি খাইছা ইত্যাদি ৷ মাজে মাজে আকৌ প্ৰেমালাপৰ মাজত কিছু গুৰুত্বপূৰ্ণ কথা ৷ এই গুৰুত্বপূৰ্ণ কথাই ইমানেই ঠাই পালে যে, এবাৰ নেদেখিলে থাকিব নোৱাৰা হ’ল ফেচবুকত প্ৰেম কৰা এটা প্ৰমিক যুগল ৷
তাৰ পাচত একো নাভাবি-নিচিন্তি এই প্ৰেমিক যুগলে ল’লে এটা সিদ্ধান্ত ৷ ঘৰৰ সকলোকে চকুত ধূলি দি ক’ৰবালৈ পলাই যোৱাৰ সিদ্ধান্ত ৷ ভবা মতেই সকলো হ’ল ৷ আমি ক’বলৈ লোৱা ঘটনাটো হ’ল ৰঙিয়াৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, পৰিয়ালৰ অজ্ঞাতে বিগত 12 আগষ্টৰ দিনা স্কুলৰ ইউনিফৰ্ম পিন্ধিয়েই লখিমপুৰ কমলপুৰৰ 19 বছৰীয়া প্ৰেমিকলৈ পলাই গ’ল ৰঙিয়াৰ কঞাৰ এগৰাকী নাবালিকা প্ৰেমিকা ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷
লগতে পঢ়ক : প্ৰেমিকৰ লগত কাজিয়া লাগি বিহপান কৰি আত্মহত্যা কলেজীয়া ছাত্ৰীৰ
ফেচবুকত প্ৰেম কৰি সংসাৰ আৰম্ভ কৰিলে প্ৰেমিক যুগলে ৷ কিন্তু আদবাটতে লাগিল কেনা ৷ ৰঙিয়াৰ কঞাৰ নাবালিকাগৰাকী সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে কঞা আৰক্ষী চকীত তৰিছিল এক গোচৰ ৷ সেই গোচৰৰ আধাৰতে আৰক্ষীয়ে চলাই আছিল অভিযান ৷
এই অভিযানত আৰক্ষীয়ে প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ থকা 14 বছৰীয়া নাবালিকাগৰাকীসহ তেওঁৰ 19 বছৰীয়া স্বামীক লক্ষীমপুৰ জিলাৰ কমলপুৰৰ পৰা বুধবাৰে আটক কৰে আৰক্ষীয়ে (Missing minor girl found in Lakhimpur) ৷ নাবালিকাক বিবাহ কৰাৰ অভিযোগত বৰ্তমান ৰঙাঘৰৰ জোঁৱাই হ’ল 19 বছৰীয়া লক্ষীমপুৰৰ যুৱকজন ৷
ইফালে কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক পৰিয়ালৰ লোকে মানি লোৱা নাছিল ৷ যাৰ বাব এই সিদ্ধান্ত গ্ৰহণ 14 বছৰীয়া নাবালিকাগৰাকী আৰু তেওঁৰ প্ৰেমিকে ৷ এতিয়া এই সকলোবোৰ চালি জাৰি চোৱাৰ অন্তত ৰঙিয়াৰ কঞা আৰক্ষীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে নিশ্চিত হ’ব ৷
লগতে পঢ়ক : বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত