কামৰূপ, ২৯ মাৰ্চঃমহানগৰীত যান-বাহন আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাত অবৈধ যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে অভিযান চলাই । দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপত বাছ,অটো,মেজিক ভেন,স্কুল বাছ আদিয়ে নিজৰ মইমতালিচলাই থকাৰ বাবে তৎপৰ হৈ পৰে জিলা পৰিবহন বিভাগ । শুকুৰবাৰে জিলা পৰিবহন বিষয়া গৌতম দাসৰ লগতেপলাশবাৰী আৰক্ষী থানাৰ সহযোগত মিৰ্জাত অভিযান চলাই বহুকেইখন নথি-পত্ৰ বিহীন ,পুৰণি তথা কৰ নিদিয়া যান-বাহন জব্দ কৰে ।
যান-বাহনৰ অভিযানকাৰী দলৰ লগতে জিলা পৰিবহন বিষয়া গৌতম দাসে নিজেই সকলো যান-বাহন পৰ্যবেক্ষণ কৰি জব্দ কৰেযান-বাহন সমূহ । আনকি জীৱন সুৰক্ষিত কৰাৰ বাবেহে এনে পদক্ষেপ লোৱা বুলি অৱগত কৰে যাত্ৰীসকলক । বৃহস্পতিবাৰৰ পৰা এই অভিযান চলোৱা হৈছে আৰু অভিযানত বহুকেইখন যান-বাহন জব্দ কৰা হয় ।