ETV Bharat / state

মিৰ্জাত ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ নিহত 4, আহত 1 - মিৰ্জা পথ দূৰ্ঘটনা

নিশা মিৰ্জাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত ৪ জন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ১ জন ৷ আহত লোকজনক সংকতজনক অৱস্থাত নিশাই জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ৷

মিৰ্জাত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনা
author img

By

Published : Oct 19, 2019, 8:36 AM IST

Updated : Oct 19, 2019, 3:12 PM IST

মিৰ্জা, 19 অক্টোবৰঃ শুকুৰবাৰে নিশা মিৰ্জাত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ AS-01-LC-5244 নম্বৰৰ তীব্ৰ বেগী বালি ভৰ্তি ট্ৰাক খনে মিৰ্জাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা WB-61-A-6066 নম্বৰৰ তীব্ৰ বেগী মালবাঁহী ট্ৰাকখনৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ উক্ত দুৰ্ঘটনাটোত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক ৷ আহতলোকজনক সংকত জনক অৱস্থাত নিশাই জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ৷ মৃত লোক কেইজনৰ ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু ১মালবাহী ট্ৰাকৰ বুলি জানিব পৰা গৈছে আনহাতে আহতজনও মালবাহি ট্ৰাকৰ ।

মিৰ্জাত পথ দূৰ্ঘটনা

উল্লেখ্য যে, ঘটনাস্থলীত নিশাই উপস্থিত হয় পলাশবাৰীৰ আৰক্ষীৰ দল ৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে মৃতদেহকেইটা টানি উলিয়াবলৈ বিশেষ উদ্ধাৰকাৰী দলৰ প্ৰয়োজন হয় ৷ পৰৱৰ্তী সময়ত মৃতদেহ কেইটা উদ্ধাৰ কৰি পলাশবাৰী থানা লৈ অনাৰ লগতে দুয়োখন গাড়ী উদ্ধাৰ কৰি পথচোৱা মোকলাই দিয়া হয় ৷

আৰক্ষীৰ মন্তব্য

Intro:নিশা মিৰ্জাত ভয়ংকৰ পথ দূৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে ৪ জন,আহত ১জন ।Body:Ocvo..দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । AS-01-LC-5244 নম্বৰৰ তীব্র বেগী বালি ভৰ্তি ট্ৰাক খনে মিৰ্জাৰ ফালৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা WB-61-A-6066 নম্বৰৰ তীব্ৰ বেগী মালবাঁহী ট্ৰাক খনে গুৱাহাটী পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত তীব্ৰ মুখা-মুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয় । আহতলোকজনক অতি সংকত জনক অৱস্থাত নিশাই GMCHলৈ প্ৰেৰণ কৰে । মৃত লোক কেইজনৰ ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু ১মালবাহি ট্ৰাকৰ বুলি জানিব পৰা গৈছে আনহাতে আহতজনও মালবাহি ট্ৰাকৰ । নিশা ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি পলাশবাৰী থানা লৈ অনাৰ লগতে দুয়োখন গাড়ী উদ্ধাৰ কৰি পথচোৱা মোকলাই দিয়ে । পৰিবহণ বিভাগে যান বাহন ক্ষেত্ৰত বহু কেইটা আইন প্ৰণয়ন কৰিছে যদিও সেই আইনক কেৰেপ নকৰি নিজৰ ময়মাতালিতে গাড়ী চলাই আছে বালিৰ ট্ৰাক আৰু অন্যান্য ট্ৰাক সমূহে । নিশা হলেই পথৰ ৰজা হৈ পৰে ট্ৰাকসমুহ । বিশেষ কৈ আৰক্ষী প্ৰশাসন ব্যৰ্থ অবৈধ ভাৱে চলা বালি ট্ৰাক সমূহক নিয়ন্ত্ৰণ কৰাত । লগতে নিহত লোকজনৰ বাবে বৰ্তমান সমগ্ৰ অঞ্চলতে শোকৰ ছা বিৰাজ কৰিছে । Conclusion:আনহাতে এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে মৃতদেহকেইটা টানি উলিয়াবলৈ বিশেষ উদ্ধাৰকাৰী দল আহি গাড়ী ভাঙি-কাটি বাহিৰলৈ ওলিয়াই ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Oct 19, 2019, 3:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.