গুৱাহাটী, 20 মে': কামৰূপ জিলাৰ পচৰীয়াত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে জলদূত কাৰ্যসূচীৰ অন্তর্গত "জলশালা" উন্মোচন কৰে (Jayanta Malla Baruah inaugurates Jolosala) ৷ জলদূত কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে অষ্টম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিষ্ঠাবান স্বেচ্ছাসেৱকৰ নেটৱৰ্ক গঢ়ি তোলা, যি "জলদূত" নামেৰে জনাজাত (Minister Jayanta Malla Baruah ) ৷
জলদূত পদক্ষেপ সন্দৰ্ভত দিয়া ভাষণত মন্ত্ৰী বৰুৱাই কয় যে, এই জলদূত পদক্ষেপ আমাৰ ৰাজ্যত অন্যান্য আৰু দেশৰ বাকী ৰাজ্যই ইয়াক আমাৰ পৰা আৰ্হি হিচাপে গ্ৰহণ কৰিব পাৰে ৷ তেওঁ লগতে উল্লেখ কৰে যে এই ধৰণৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰে ৷
অসমত জে জে এমৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে 50 শতাংশ লোকে এফ এইচ টি চিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিছে আৰু আমি অতি সোনকালে 100 শতাংশ কভাৰেজৰ দিশত আমাৰ কাম-কাজ আগবঢ়াইছো (Jal Jeevan Mission in Assam) ৷ জল জীৱন মিছনে বিশুদ্ধ খোৱাপানী নিশ্চিত কৰিব যাৰ যোগেদি বহুতো পানীজনিত ৰোগ বহু পৰিমাণে হ্ৰাস পাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
উল্লেখযোগ্য যে, জলশালাসমূহে পানী সংৰক্ষণ, WASH আৰু পানীৰ গুণগত মান, পানী যোগান আঁচনি, ৰাইজৰ অংশগ্ৰহণ আৰু নলযোগে বিশুদ্ধ পানী যোগান আঁচনি সম্পৰ্কে সজাগতাৰ ক্ষেত্ৰত গুৰুত্ব দিব ৷
ইয়াৰ বাবে ৰাজ্যজুৰি 7 হাজাৰতকৈ অধিক জলশালাত 2 লাখ বিদ্যার্থীক জলদূত হিচাবে দুদিনীয়া প্ৰশিক্ষণ দিয়া হ'ব ৷ জনগণৰ মাজত সজাগতা আনিবলৈ এই অনুষ্ঠানত জল জীৱন মিছনৰ এটা 'থীম ছং' মুকলি কৰা হয় আৰু পানীৰ গুণাগুণ নিৰ্ণয় কৰিবলৈ 'জলদূত কিট' প্ৰদান কৰা হয়।
এই অনুষ্ঠানত সাংসদ কুইন ওজা, PHED -ৰ বিশেষ সচিব দিগন্ত বৰুৱা, জল জীৱন মিছনৰ এম.ডি. কৈলাশ কার্তিক, কামৰূপৰ উপায়ুক্ত কীর্তি জল্লি, PHED(পানী)-ৰ মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, হেমন্ত চৌধুৰী তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক: Fake gold racket busted: শোণিতপুৰত 11টা নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ