ৰঙিয়া, 12 এপ্ৰিল : বাপতি সাহোন বিহুটিলৈ মাজত মাথো এটা দিন বাকী ৷ প্ৰতিগৰাকী অসমীয়াই ৰঙালীক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ ৷ ডেকা গাভৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰাত ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰঙিয়াবাসীয়েও ব্যস্ত হৈ পৰিছে ৰঙালীৰ উচাহত ৷
নিৰ্বাচনী ব্যস্ততাৰ পাচতে মন্ত্ৰী-বিধায়ত সকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ বিহুটিকলৈ ৷ চৌদিশে উখল মাখল পৰিৱেশৰ মাজতে ৰঙিয়াত স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাক দেখা গ'ল অন্য ৰূপত ৷ ৰঙিয়াৰ তৰণিত বজাৰ কৰিবলৈ আহি একাংশ মহিলাৰ সৈতে বিহুৰ আনন্দ উপভোগ কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীৰ বিহুগীতৰ তালে তালে কঁকাল ভাঙি বিহু নাচিলে অঞ্চলটোৰ বহু মহিলাই ৷
লগতে পঢ়ক: চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি