ETV Bharat / state

ভবেশ কলিতাক ব্যৰ্থ মন্ত্ৰীৰ আখ্যা দিলে নিৰ্দলীয় প্ৰাৰ্থীয়ে - assam poll

ৰঙিয়াত মন্ত্ৰী ভবেশ কলিতাক তীব্ৰ কটাক্ষ নিৰ্দলীয় প্ৰাৰ্থী চাহাবুদ্দিন আলী আহমেদৰ ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাই আহমেদে মন্ত্ৰী কলিতাক এগৰাকী ব্যৰ্থ মন্ত্ৰী বুলি কটাক্ষ কৰে ৷ ভবেশ কলিতা হিৰো হোণ্ডা বাইকৰ বিস্ফোৰণ হোৱা ইঞ্জিনৰ দৰে বুলি মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ৷

minister bhabesh kalita faces fierce criticism from independent candidate in rangia
ৰঙিয়াত মন্ত্ৰী ভবেশ কলিতাক তীব্ৰ কটাক্ষ নিৰ্দলীয় প্ৰাৰ্থীৰ
author img

By

Published : Mar 25, 2021, 2:29 PM IST

ৰঙিয়া, 25 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ভৱেশ কলিতাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে নিৰ্দলীয় প্ৰাৰ্থী চাহাবুদ্দিন আলী আহমেদে ৷ ৰঙিয়া নগৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰচাৰ চলাই আহমেদে মন্ত্ৰী কলিতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ মন্ত্ৰী কলিতা প্ৰভাৱশালী মন্ত্ৰী নহয় আৰু তেওঁ এগৰাকী ব্যৰ্থ মন্ত্ৰী বুলি আহমেদে কটাক্ষ কৰে ৷

জন প্ৰতিনিধি হ'লে ৰেলৰ ইঞ্জিনৰ দৰে হ'ব লাগে বুলি মন্তব্য কৰি আহমেদে ভবেশ কলিতা হিৰো হোণ্ডা বাইকৰ বিস্ফোৰণ হোৱা ইঞ্জিনৰ দৰে বুলি মন্তব্য কৰে ৷ মন্ত্ৰী ভবেশ কলিতাই নিৰ্বাচনত হাৰিব বুলি হতাশাত ভুগি 'কা' আইনৰ বিৰোধিতা কৰা বিজেপিৰ কৰ্মীক অপদস্থ কৰা বুলি নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

পুঠিমাৰী নৈৰ বগৰীবাৰী মথাউৰি চিঙাৰ 9 মাহ পাৰ হোৱাৰ পিছতো ভগ্ন মথাউৰি ভবেশ কলিতাই নিৰ্মাণ কৰিব নোৱাৰিলে বুলি অভিযোগ কৰি জলসিঞ্চন মন্ত্ৰী হৈ থকাৰ পাছতো জলসিঞ্চন বিভাগত ব্যাপক দুৰ্নীতি হোৱাৰ লগতে অসমৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপল' মিল পুনৰুজ্জীৱিত কৰিব নোৱাৰিলে বুলি প্ৰাৰ্থী গৰাকীয়ে ক্ষোভ উজাৰে ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিতকৈ দহ হেজাৰ ভোটত জয়ী হ'ব বুলি আত্মবিশ্বাসী চাহাবুদ্দিন আলী আহমেদ ৷

লগতে পঢ়ক: ধেমাজি নগৰত ডাঃ ৰনোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.