ETV Bharat / state

Atul Bora visits Baihata : কুৰ্ম মাধৱ দেৱালয়ৰ জল জীৱন আঁচনি পৰিদৰ্শন

author img

By

Published : Nov 24, 2021, 3:11 PM IST

বঙাইগাঁৱলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বাইহাটা চাৰিআলি পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই (Atul Bora visits Baihata)৷ অসমত কৰ্ম সংস্কৃতিৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিলে ৰাজ্যখন বহুত আগবাঢ়ি যাব বুলি বাইহাটা চাৰিআলিত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

minister-atul-bora-visits-baihata
কৃষিমন্ত্ৰী অতুল বৰা

বাইহাটা, 24 নৱেম্বৰ : প্ৰায় 6 বছৰৰ পাছত সাৰ পালে কৃষিমন্ত্ৰী অতুল বৰা ৷ অসমত বহুমুখী খেতি কৰাৰ বাবে পৰামৰ্শ আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে ৷ বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া কেবিনেটলৈ যোৱাৰ পথত মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বাইহাটা চাৰিআলি পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora visits Baihata) ৷ বৰাই বাইহাটাত অসমত কৰ্ম সংস্কৃতিৰ অভাৱ বুলি উল্লেখ কৰি বছৰেকত একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ পৰিৱৰ্তে এটা খেতি কৰিয়ে অসমীয়া মানুহ বহি থাকে বুলি মন্তব্য কৰে ৷

কৃষিমন্ত্ৰী অতুল বৰা

তাৎপৰ্যপূৰ্ণভাৱে অতুল বৰা বিগত কাৰ্যকালত কৃষিমন্ত্ৰী হৈ থকাৰ লগতে চলিত বৰ্ষতো কৃষি বিভাগৰ দায়িত্বত থাকে ৷ কিন্তু কৃষিমন্ত্ৰী হৈ থকা এই সময়ছোৱাত তেওঁ বহুমুখী খেতিৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বিষয়ে এতিয়াও কোনো অৱগত নহয় ৷ মন্ত্ৰীগৰাকীয়ে বহুমুখী কৃষিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ সলনি অসমত যদিহে কৰ্ম সংস্কৃতিৰ পৰিৱেশ এটা গঢ়ি তুলিব পৰা যায়, তেতিয়া ৰাজ্যখন বহুত আগবাঢ়ি যাব বুলি উল্লেখ কৰে ৷

মন্ত্ৰী বৰাই বাইহাটাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক গতিশীল মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে ৷ বৰাই বাইহাটা চাৰিআলি পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি দিয়াৰ কথা ব্যক্ত কৰি বিজেপি তথা মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৩০ হাজাৰতকৈয়ো অধিক পাৱাৰ টিলাৰৰ লগতে প্ৰতিখন গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ দিয়াৰ পাচতো অসমীয়া মানুহে কেৱল ধানখেতি কৰিয়ে বহি থাকে বুলি উল্লেখ কৰে ।

মন্ত্ৰী অতুল বৰাই লগতে কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ৰ পৰা নিয়মিতভাৱে সাৰ পোৱাৰ আশ্বাস দিয়াৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা ডিলাৰসমূহক নাকী লগোৱা হ’ব জানিবলৈ দিয়ে । ইয়াৰ লগতে ডিলাৰসমূহৰ মইমতালিৰ বাবে বাৰশ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কৰি ৰখা হয় বুলি জানিবলৈ দিয়ে ৷ মন্ত্ৰী অতুল বৰাই বাইহাটা চাৰিআলীৰ অংগনবাদী কেন্দ্ৰৰ লগতে ঐতিহাসিক কুৰ্ম মাধৱ দেৱালয়ৰ জল জীৱন আঁচনি এখন পৰিদৰ্শন কৰাৰ লগতে কুৰ্ম মাধৱ দেৱালয়ৰ ভোগ গ্ৰহণ কৰে ।

লগতে পঢ়ক : Atul Bora visits Rangia : ৰঙিয়াৰ উন্নয়নমূলক আঁচনিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.