ETV Bharat / state

'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ - মাইলচ ব্ৰঞ্চচন

'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মাতৃৰ, পুত্ৰক প্ৰতিদিনে ৰেগিং কৰাৰ অভিযোগ মাতৃৰ

মাইলচ ব্ৰঞ্চচন বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ
author img

By

Published : Jun 20, 2019, 7:06 PM IST

গুৱাহাটী,২০জুন : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলিছে ৰেগিং । এই অভিযোগ এগৰাকী মাতৃৰ । পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ আহি অসহায় হৈ পৰিল মাতৃ ।

মাইলচ ব্ৰঞ্চচন বিদ্যালয়ৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ

বৰঝাৰস্থিত 'মাইলচ ব্ৰনছন' বিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মাতৃৰ । এই বিদ্যালয়খনত ৯ জুনৰ দিনা কৰণ বড়ো নামৰ এজন ছাত্ৰক শিক্ষাগ্ৰহণৰ বাবে থৈ আহিছিল মাতৃ মধুমিতা ৰাভাই । কিন্তু বিদ্যালয়খনত যোৱা দিনাৰ পৰাই প্ৰতিদিনে ছাত্ৰজনক জেষ্ঠ ছাত্ৰই কৰিছিলে ৰেগিং । ছাত্ৰজনক পঢ়া-শুনা কৰিব নিদিয়াৰ লগতে আহাৰ গ্ৰহণৰ পৰাও বঞ্চিত ৰাখিছিল । ছাত্ৰজনে ফোনযোগে এই সমস্ত ঘটনা বিৱৰি কৈছিল মাতৃক । ইয়াৰ পাছতেই ১৮জুনত পুত্ৰৰ খবৰ লবলৈ মাতৃ উপস্থিত হয় বিদ্যালয়খনত । কিন্তু বিদ্যালয়লৈ আহি হতবাক হৈ পৰে মাতৃ । কিয়নো পুত্ৰক মোকলাই নিবলৈ হ'লে এবছৰৰ মুঠ 4 লাখ 38 হাজাৰ টকা আদায় দিব লাগিব বিদ্যালয় কৰ্তৃপক্ষক । বিদ্যালয়ৰ অধ্যক্ষৰপৰা এই কথা শুনাৰ পাছতেই উপায় বিহীন হৈ পৰা মাতৃয়ে আজাৰা আৰক্ষী থানাত দাখিল কৰে এক গোচৰ ।

Slug:-As_Kam_20june_miles_bronson_ragging_811-812_vis+bite+photo_as10020

বৰঝাৰস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাইলচ ব্ৰঞ্চচনত ভয়াৱহ ৰেগিঙৰ অভিযোগ ।

Vo.... অসহায় এগৰাকী মাতৃ । নিজৰ পণবন্দী  সন্তানক বচাবলৈ আহি অসহায় হৈ পৰিছে বকোৰ মধুমিতা ৰাভা নামৰ এইগৰাকী মহিলা । হয়, বৰঝাৰস্থিত মাইলচ ব্ৰনঞ্চন নামৰ ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয় এইখন । এই বিদ্যালয়খনতে যোৱা ৯ জুনৰ দিনা পঢ়াৰ বাবে থৈ গৈছিল নিজ পুত্ৰ কৰণ বড়োক । কিন্তু প্ৰতিদিনে জেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি হৈ হাহাকাৰ কৰি বাৰে বাৰে মাকলৈ ফোন কৰিব বিচাৰে পুত্ৰই কিন্তু নোৱাৰে ফোন কৰিব অৱশেষত কোনো লোকৰ পৰা ফোন কৰে পুত্ৰই । তাৰপিছতে ১৮ জুনৰ দিনা মংগলবাৰে বিয়লি মাক ঢপলিয়াই আহিল অসহায় পুত্ৰক লৈ যাবলৈ । প্ৰতিদিনেই জেষ্ঠ ছাত্ৰই পঢি়বলৈ নিদিয়ে, ভাত খাবলৈ নিদিয়ে, টকা বিচাৰে । শাৰিৰীক মানসিক  অত্যাচাৰত এতিয়া জৰ্জৰিত পুত্ৰ । অথচ শুনিবলৈ আহৰি নাই বিদ্যালয় কৰ্তৃপক্ষৰ । এতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত বাণিজ্য শাখাত নাম ভৰ্তি কৰা ছাত্ৰগৰাকীক মোকলাই নিয়াৰ বাবদত এবছৰৰ মুঠ 4 লাখ 38 হাজাৰ টকা আদায় দিলেহে লৈ যাব পাৰিব নিজৰ পণবন্দী পুত্ৰক । বিদ্যালয়ৰ অধ্যক্ষৰপৰা এই কথা শুনাৰ লগে লগেই আকাশখন ভাগি পৰিছে মাতৃ মধুমিতা ৰাভাৰ মূৰত । এইখন অভিজাত বিদ্যালয়ত নিজ পুত্ৰৰ ভয়াৱহ পৰিণতিৰ কথা জানিও উপাই বিহীন হৈ পৰিছে মাতৃ । অৱশেষত আজাৰা থানাৰ ওচৰ চাপি আজাৰা আৰক্ষী থানাত মাতৃয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত এজাহাৰ দাখিল কৰে । 

Bite..মাতৃ ।

প্ৰকৃতাৰ্থত শিক্ষাৰ নামত স্বেচ্ছাছাৰী শাসন চলিছে নেকি মাইলচ ব্ৰঞ্চনত । কোনে নাকী লগাব এনে অভিজাত বিদ্যালয়ক ?  

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.