ETV Bharat / state

ঋণগ্ৰস্ত মহিলাক মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ভাবুকি - বিত্তমন্ত্ৰী অজন্তা নেওগ

শুকুৰবাৰে, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিত্তীয় বাজেটত পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইয়ে লাভ কৰিছিল বিশেষ গুৰুত্ব ৷ কিন্তু, একে সময়তে পোহৰলৈ আহিছে মাইক্ৰ’ফাইনেঞ্চ কোম্পানী(microfinance company) সমূহে বহু ঋণগ্ৰস্ত মহিলাক ভয় ভাবুকি প্ৰদান কৰি থকাৰ কথা ৷

microfinance company threatening debtors across state
ৰঙিয়াত মহিলাৰ ওপৰত মাইক্ৰ'ফাইনেন্সৰ ভাবুকি
author img

By

Published : Jul 17, 2021, 10:30 PM IST

Updated : Jul 17, 2021, 10:46 PM IST

ৰঙিয়া, 17 জুলাই : 2021 চনৰ নিৰ্বাচনত বিজেপি(BJP) দল ৰাজ্যৰ শাসনত অধিস্থিত হোৱাৰ আঁৰত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ(Microfinance Loan) ৰেহাইৰ প্ৰসংগই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(HIMANTA BISWA SARMA)ই প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাতে ঋণ ৰেহাইৰ প্ৰসংগ উল্লেখ কৰি দলটোক পুনৰ দিছপুৰৰ মছনদত অধিস্থিত কৰিছিল ৷ শুকুৰবাৰে, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ(AJANTA NEOG)ৰ বিত্তীয় বাজেটটো বিশেষ স্থান দখল কৰিছিল মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্ৰসংগই ৷ কিন্তু, একে সময়তে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে বহু ঋণগ্ৰস্ত মহিলাক ভয় ভাবুকি প্ৰদান কৰি থকাৰ কথা পোহৰলৈ আহিছে ৷

ৰাজ্যজুৰি মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই প্ৰসংগই লাভ কৰিছে ব্যাপক চৰ্চা

শেহতীয়াকৈ ৰঙিয়াত সংঘটিত হৈছে এক অনুৰুপ ধৰণৰ ঘটনা ৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত ঋণ লোৱা মহিলাই সূতে-মূলে ধন ঘূৰাই নিদিলে আইনী ব্যৱস্থা লোৱা হ’ব বুলি ঋণগ্ৰস্ত মহিলাসকললৈ আইনী জাননী প্ৰেৰণ কৰিছে একাংশ ক্ষুদ্র বিত্তীয় প্ৰতিষ্ঠানে । এই জাননীত স্পষ্টকৈ উল্লেখ আছে যে, দিবলগীয়া ধন ঘূৰাই নিদিলে এই মহিলাৰসকলৰ বিৰুদ্ধে তৰা হ‘ব গোচৰ । চৰকাৰে বান্ধি দিয়া নিয়মৰ ভিতৰত পৰাৰ পাচতো কি সাহসত বিত্তীয় প্ৰতিষ্ঠানসমূহে মহিলাৰ বিৰুদ্ধে গোচৰ তৰাৰ পত্ৰ প্ৰেৰণ কৰিব পাৰিলে বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৷

দৈনিক হাজিৰা নকৰিলে ভাত সাঁজৰ বাবে সমস্যাৰ সন্মুখীন হোৱা ঋণগ্ৰস্ত মহিলাসকলে এতিয়া মাইক্ৰ'ফাইনেন্স কোম্পানীসমূহৰ আৰ্থিক তথা মানসিক নিৰ্যাতনৰ পৰা অতি শীঘ্ৰে ৰক্ষা কৰাৰ বাবে এতিয়া চৰকাৰৰক কাতৰ অনুৰোধ জনাইছে । ঋণ ৰেহাই প্ৰদান সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এটাৰ পাচত আন এটা নিৰ্দেশনাৰ পাচতো মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহে লোৱা স্থিতিকলৈ বিপদত পৰিছে ঋণগ্ৰস্ত মহিলাসকল ৷

উল্লেখযোগ্য যে, শুকুৰবাৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে 2021-22 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত পূৰ্বৰ প্ৰতিশ্ৰুতি মতে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইয়ে লাভ কৰিছিল বিশেষ গুৰুত্ব ৷ বিত্তমন্ত্ৰী গৰাকীৰ বাজেটত এই ঋণ ৰেহাইৰ বাবে ধাৰ্য কৰা হৈছিল মুঠ 1200 কোটি টকা ৷ বৰ্তমান ৰাজ্যত প্ৰায় 26 লাখ ঋণগ্ৰস্ত লোক থকাৰ বিপৰীতে অনাদায় হৈ আছে প্ৰায় 12500 কোটি টকাৰ ঋণ ৷ অৱশ্যে, ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে ঋণ গ্ৰহণকাৰীক লাভালাভ আগবঢ়োৱাৰ ওপৰত ভিত্তি কৰি এই পৰিমাণ 7500 কোটি লৈ হ্ৰাস হ’ব ৷

লগতে পঢ়ক : Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

Last Updated : Jul 17, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.