ETV Bharat / state

POLITICAL PARTY FUNDING:সাধাৰণ জনতাৰ পৰা ধন লৈ ৰাজনৈতিক দল চলাব ভি পি আই দলে ! - ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ উদ্যোগত ৰঙিয়াত এক বিশাল সভাৰ আয়োজন কৰা হয় । ভি পি আই দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীৰ লগতে কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত ।

Rangia
ৰঙিয়াত VPI দলৰ বৃহৎ সভা
author img

By

Published : Nov 18, 2021, 6:16 PM IST

ৰঙিয়া,১৮ নৱেম্বৰ : কামৰূপ জিলাৰ ৰঙিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল চমুকৈ ভি পি আই (VPI) দলৰ বৃহৎ সভা । বিশ্ব দৰ্শন দিৱস আৰু ভি পি আই দলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শান্তি আৰু অংশীদাৰিত্ব মহাৰেলী (Participation and peace rally) শীৰ্ষক বিশেষ কাৰ্যসূচীৰ । এই অনুষ্ঠানত উপস্থিত থাকি দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ (Director of VPI) ভৰত গান্ধীৰ বিস্ফোৰক মন্তব্য । তেওঁৰ মতে অন্য দলৰ নিচিনাকৈ ভি পি আই দলৰ পৰা অথবা নেতাৰ পৰা টকা দিয়া নহয় ভোটাৰসকলক (Voter) ।

ভোটাৰসকলৰ পৰাহে টকা সংগ্ৰহ কৰে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল (Voters Party International) নামৰ ৰাষ্ট্ৰীয় দলটোৱে । তেওঁ উল্লেখ কৰা মতে নেতাৰ পৰা টকা বিচাৰে বাবেই সাধাৰণ জনতাৰ এনে দুৰ্দশা হৈছে । ৰাজনৈতিক নেতাসকলক অধিবক্তা (Advocate) হিচাপে ভাবিবলৈ আহ্বান নেতাগৰাকীৰ । লগতে অধিবক্তাক যিধৰণে এগৰাকী ক্লাইন্টে ধন দিয়ে তেনেদৰে নেতাসকলকো ৰাইজে ধন দিব লাগে বুলি আচৰিত মন্তব্য কৰে দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকীয়ে ।

ৰঙিয়াত VPI দলৰ বৃহৎ সভা

তেওঁ জনোৱা মতে, ভি পি আই দলৰ এই কাৰ্যসূচীলৈ অহা লোকসকলেও ধন লৈ আহিছে । তেওঁলোকৰ ধনেৰেই সভাৰ আয়োজন কৰে দলটোৱে । কোনো পুঁজিপতিৰ পৰা ধন সংগ্ৰহ নকৰে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল । সেয়ে সকলো জনতাকে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলক ধন দিবলৈ আৰু দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায় অধ্যক্ষগৰাকীয়ে ।

যদিহে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল কেতিয়াবা শাসনলৈ আহে তেন্তে দলটোৰ নামত দিয়া ধন সকলো লোককে আদায় দিব বুলি আশ্বাস দিয়ে ভৰত গান্ধীয়ে । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত কামৰূপ, বাক্সা, ওদালগুৰি, চিৰাং, শোণিতপুৰ, কোকৰাঝাৰ আদি জিলাৰ পৰা অহা বহু লোকে অংশগ্ৰহণ কৰে । ইফালে দলটোৱে সকলো লোককে ভোটাৰশ্বিপৰ ধন দিবলৈ চৰকাৰক দাবী জনায় । মুঠ জনমুৰি আয় ১৬ হাজাৰ টকাৰ পঞ্চাশ শতাংশ হিচাপত আঠ হাজাৰ টকা ভোটাৰশ্বিপ হিচাপে ৰাইজক দিবলৈ চৰকাৰক দাবী জনাই ভি পি আই দলটোৱে ।

লগতে পঢ়ক :Negligence of Advocate : 23 মাহৰ অন্তত মুক্ত আকাশৰ তলত শ্বহিদুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.