ETV Bharat / state

COVID-19: বিশেষ নিৰীক্ষণত ৰখা ব্যক্তিৰ আক্ৰমণৰ বলি স্বাস্থ্য কেন্দ্ৰৰ MPW - hajo

কৰ'ণা ভাইৰাছৰ বাবে বিশেষ নিৰীক্ষণত ৰখা ব্যক্তিক পৰিদৰ্শন কৰিবলৈ গৈ আক্ৰমণৰ বলি কামৰূপৰ বৰ্নি উপ স্বাস্থ্য কেন্দ্ৰৰ MPW মোস্তাফা আলী আহমেদ ৷ বিশেষ নিৰীক্ষণত থকা শ্বাহৰুখ খানে আক্ৰমণ কৰাৰ অভিযোগ মোস্তাফা আলী আহমেদৰ ৷

COVID-19
COVID-19: বিশেষ নিৰীক্ষণত ৰখা ব্যক্তিৰ আক্ৰমণৰ বলি স্বাস্থ্য কেন্দ্ৰৰ MPW
author img

By

Published : Mar 28, 2020, 11:47 PM IST

কামৰূপ, 28 মাৰ্চঃ মহামাৰী কৰ'ণা ভাইৰাছৰ লৈ এতিযা ঘন্টাই ঘন্টাই বাঢিছে উদ্বিগ্নতা। ভয়াৱহ কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে লোবা হৈছে বিভিন্ন পন্থা । কৰ'ণা ভাইৰাছৰ বাবেই কামৰূপৰ বৰ্নি গাঁৱৰ ৬ জন লোকক বিশেষ নিৰীক্ষণত ৰখা হৈছে । বিগত ২৩ মাৰ্চৰ পৰাই বৰ্নি উপ স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য বিষয়া ডাঃ উৎপল দেৱৰাজ সহ স্বাস্থ্যকৰ্মী দল এটাই আটাই কেইজনৰ ঘৰত গৈ বিশেষ নিৰীক্ষণত ৰখাৰ বাবে পৰামৰ্শ দিছিল । আৰু প্ৰতিদিনে স্বাস্থ্য কৰ্মীয়ে পুনৰ নিৰীক্ষণ কৰাৰ বাবে স্বাস্থ্য বিভাগে নিৰ্দেশ দিছিল । সেই মৰ্মে শনিবাৰে বৰ্নি উপ স্বাস্থ্য কেন্দ্ৰৰ MPW মোস্তাফা আলী আহমেদ আৰু ANM মীৰা বৈশ্য উপস্থিত হয় বৰ্নিৰ পশ্চিম ফকিৰচুপা শ্বাহৰুখ খানৰ ঘৰত ।

COVID-19: বিশেষ নিৰীক্ষণত ৰখা ব্যক্তিৰ আক্ৰমণৰ বলি স্বাস্থ্য কেন্দ্ৰৰ MPW

কিন্তু পৰিদৰ্শন কৰিব যোৱা সময়তে MPW মোস্তাফা আলী আহমেদক ঘৰৰ পদুলীতে উপৰ্যুপৰি আক্ৰমণ কৰে শ্বাহৰুখ খানে ৷ ইমানে নহয় এখন ডেগাৰেৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে বুলিও অভিযোগ কৰে মোস্তাফা আলী আহমেদে ৷ আনহাতে ঘটনাস্থলীত স্থানীয় গাঁওবুঢা আৰু পঞ্চায়তৰ সদস্য উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তাৰোপৰি ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজৰ দাবী দোষী ব্যক্তিক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে ।

উল্লেখ্য যে,অভিযুক্ত শ্বাহৰুখ খানে চিকিৎসকৰ পৰামৰ্শ নামানি ঘৰৰ বাহিৰত ঘূৰি ফুৰা অভিযোগ কৰে স্থানীয় ৰাইজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.