ETV Bharat / state

দুৰ্ঘটনাত পতিত হৈ সংবাদকৰ্মী লক্ষ্য বায়নৰ কৰুণ মৃত্যু

author img

By

Published : Jul 18, 2021, 10:16 AM IST

বকোত এক ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈ 'অসমীয়া প্ৰতিদিন'(Asomiya Pratidin) কাকতৰ মুখ্য কাৰ্যালয়ৰ সংবাদকৰ্মী লক্ষ্য বায়নে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) মৃত্যু হয় সংবাদকৰ্মীগৰাকীৰ ।

media person died
দুৰ্ঘটনাত পতিত হৈ সংবাদকৰ্মী লক্ষ্য বায়নৰ কৰুণ মৃত্যু

বকো, ১৮ জুলাই : ৰাজ্যত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনা (Road Accident) । এই দুৰ্ঘটনাৰ ফলত বহু লোক ঘূণীয়া হোৱাৰ উপৰিও অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বহুজনে । এইবাৰ ৰাজ্যত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এগৰাকী সংবাদকৰ্মীয়ে (Media person) । ঘটনাটো হৈছে কামৰূপ জিলাৰ বকোৰ ।

বকোত এক ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈ 'অসমীয়া প্ৰতিদিন'(Asomiya Pratidin) কাকতৰ মুখ্য কাৰ্যালয়ৰ সংবাদকৰ্মী লক্ষ্য বায়নে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Gmch) মৃত্যু হয় সংবাদকৰ্মীগৰাকীৰ । তেওঁৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে তেওঁৰ জন্মস্থানত ।

যোৱা ১৪ জুলাইত ঘৰৰ পৰা কৰ্মস্থান অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে ছয়গাঁৱৰ কুকুৰমাৰাত এক ভয়াৱহ পথ দুৰ্ঘটনা পতিত হৈছিল সংবাদকৰ্মীগৰাকী । লক্ষ্য বায়নৰ মটৰ চাইকেলৰ সৈতে অইল ট্ৰেংকাৰ এখনৰ সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সংবাদকৰ্মীগৰাকী । ততাতৈয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লক্ষ্যক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচ (GMCH)ত ।

কিন্তু জি এম চি এইচ (GMCH)ত শুক্ৰবাৰে নিশা প্ৰায় ৮ মান বজাত কৰুণ মৃত্যুক সাৱটি লয় সংবাদকৰ্মীগৰাকীয়ে । অসমীয়া প্ৰতিদিনৰ ডি টি পি শাখাত প্ৰায় ১৮ বছৰে সেৱা আগবঢ়াই অহা লক্ষ্য বায়নৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

ইফালে জন্মস্থান বকোৰ ছমৰীয়া সত্ৰ গাঁৱখনতো সংবাদকৰ্মীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে । প্ৰয়াত লক্ষ্য বায়নৰ মাতৃও প্ৰায় ২০ দিন পূৰ্বে ইহলীলা সম্বৰণ কৰে । এতিয়া প্ৰয়াত লক্ষ্য বায়নৰ গৃহত পত্নী আৰু চালুকীয়া দুই সন্তান আছে ।

লগতে পঢ়ক :ৰঙিয়াত আন্তঃজিলা যাতায়ত বন্ধৰ নামত ভেঁকোভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.