আজাৰা, 17 মাৰ্চঃ দক্ষিণ কামৰূপৰ বঙৰাত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ অগ্নিকাণ্ডটোৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বহুলোকৰ ৷ বৰঝাৰ বিমানবন্দৰৰ নিচেই সমীপত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো ৷
ইফালে,অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জাহ যায় এখন খাদ্য বিপণী ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহন উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত নিয়ন্ত্ৰণ কৰে জুই ৷ অৱশ্যে,বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ডটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ অগ্নিকাণ্ড সংঘটিত স্থানৰ সমীপত থকা বৈদ্যুতিক সামগ্ৰীসমূহ কথমপি জুইৰ কবলৰ পৰা ৰক্ষা পৰে ।
লগতে চাওকঃগুৱাহাটীত ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে কাঠৰ দলং